agrani khabar
agrani khabar  
গুৱাহাটী

ইলোৰা বিজ্ঞান মঞ্চই আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ কেন্দ্রীয় সন্মিলন উপলক্ষে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা হয় ৰচনা প্ৰতিযোগিতা। স্কুল আৰু মহাবিদ্যালয় দুটা শাখাত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

বুধবাৰে ৰচনা প্ৰতিযোগিতাৰ ফলফলসমূহ সমিতিয়ে ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি ক-শাখাত প্রথম স্থান লাভ কৰে পৰিস্মিতা কোচ, হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাগৰি, শোণিতপুৰ। দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰে মিতালী দেৱী, অসম ভেলী একাডেমী, নলবাৰী আৰু পৰিস্মীতা দাস, বৰপাত্ৰদ'ল উচ্চ বিদ্যালয়, কালুগাঁও, শিৱসাগৰ।

একেদৰে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে বিশাল দাস, ডাইমেনচন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল, তেজপুৰ আৰু প্ৰাৰ্থনা কাকতি, নদুৱাৰ জাতীয় বিদ্যালয়, জামুগুৰিহাট, শোণিতপুৰ। আনহাতে খ-শাখাত প্রথম স্থান লাভ কৰে কুকিলা ৰাজখোৱা, সন্দিকৈ মহাবিদ্যালয়, গুৱাহাটী।

দ্বিতীয় স্থান লাভ কৰে টিনা তালুকদাৰ, দিশপুৰ মহাবিদ্যালয়, সুপ্ৰিয়া বৰা, নগাঁও মহাবিদ্যালয় আৰু প্ৰিয়া কলিতা, শিৱসাগৰ মহাবিদ্যালয়। প্ৰতিযোগিতাত যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে হিৰণ কলিতা, দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু ডিম্পিমনি দত্ত, জগন্নাথ বৰুৱা মহাবিদ্যালয় যোৰহাট।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ১৫ মে' ২০২৩ত বিয়লি ৪ বজাত ইলোৰা বিজ্ঞান মঞ্চৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ জিলা পুথিভঁৰালৰ সমীপৱর্তী লক্ষীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব।