ESIC হাস্পাতাললৈ আহিব বহিঃৰাজ্যৰ চিকিৎসকঃ ৰোগীয়ে বুজিব কি, বুজাব কি?
ESIC হাস্পাতাললৈ আহিব বহিঃৰাজ্যৰ চিকিৎসকঃ ৰোগীয়ে বুজিব কি, বুজাব কি? 
গুৱাহাটী

ESIC হাস্পাতাললৈ আহিব বহিঃৰাজ্যৰ চিকিৎসকঃ ৰোগীয়ে বুজিব কি, বুজাব কি?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰৰ বেলটলাস্থিত ESIC হাস্পতালৰ প্ৰায় কুৰি গৰাকী চিকিৎসকক একেলগে বদলি কৰাক লৈ সৃষ্টি হৈছে এক হাহাকাৰময় পৰিৱেশ। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ অধীনস্থ কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয়খনৰ ১৯ জনকৈ চিকিৎসকক একেলগে বহিঃৰাজ্যলৈ বদলি কৰা হৈছে।

আনহাতে বহিঃৰাজ্যৰ পৰা এই চিকিৎসালয়খনলৈ চিকিৎসক বদলি কৰি অনা হ'ব বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত চিকিৎসালয়খনলৈ আগমণ ঘটা ৰোগী তথা ৰোগীৰ আত্মীয়ৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

কিয়নো বহিঃৰাজ্যৰ চিকিৎসকে থলুৱা সাধাৰণ লোকসকলক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত ভাষা হেঙাৰ হিচাপে ধৰা দিয়াৰ সম্ভাৱনা আছে। শাৰীৰিক অসুস্থতা বা সমস্যাৰ কথা ৰোগীয়ে ক'লেও বহিঃৰাজ্যৰ চিকিৎসকলে বুজি পাবনে বা তেওঁলোকৰ ৰোগীৰ ভাষ্য অনুসৰি সঠিক ভাৱে চিকিৎসা প্ৰদান কৰিব পাৰিবনে নাই তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

কিয়নো এই চিকিৎসালয়খনলৈ আগমণ ঘটা অধিক সংখ্যক ৰোগীয়েই একেবাৰে সাধাৰণ তথা সহজ-সৰল। ভাষাৰ ক্ষেত্ৰত অধিকাংশকৰে আছে সীমাবদ্ধতা। অধিকাংশ অসমীয়া ভাষী লোকৰ আগমণ ঘটা এই চিকিৎসালয়খনলৈ আগমণ ঘটিবলগীয়া বহিঃৰাজ্যৰ চিকিৎসকৰ অসমীয়া ভাষাৰ জ্ঞান যে শূন্য সেই কথা প্ৰায় নিশ্চিত বুলি মন্তব্য কৰিছে একাংশ ৰোগীৰ আত্মীয়ই।