গুৱাহাটী

গুৱাহাটীৰ বিশিষ্ট কবি কিশোৰ কুমাৰ জৈনক লক্ষ্ণৌত সৰ্বভাৰতীয় সন্মান প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : লক্ষ্ণৌত ২০২৩ বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা দশম সৰ্বভাৰতীয় সাহিত্য মহোৎসৱ আৰু শীৰ্ষ সন্মান অনুষ্ঠানত সোমবাৰে নতুন দিল্লীস্থিত শান্তি প্ৰতিষ্ঠানত গুৱাহাটীৰ বিশিষ্ট কবি,সাহিত্যিক কিশোৰ কুমাৰ জৈনক শীৰ্ষ সন্মান প্ৰদান কৰা হয় । এই কাৰ্যসূচীত দিল্লী, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, চণ্ডীগড়, নয়ডা, বস্তি, আলিগড়ৰ শতাধিক কবি সাহিত্যিক উপস্থিত থাকে।

এই কাৰ্যসূচীৰ সভাপতিত্ব কৰে দেশৰ সুপৰিচিত ব্যংগকাৰ প্ৰেম জনমজয়ে। মুখ্য অতিথি হিচাপে প্ৰাক্তন প্ৰতিৰক্ষা সচিব যোগেন্দ্ৰ নাৰায়ণ,বিখ্যাত গল্পকাৰ বলৰাম, বিখ্যাত গীতিকাৰ মীৰা শলাভ আৰু ইন্দ্ৰপ্ৰস্থ সাহিত্য মহোৎসৱৰ সভাপতি ড° চন্দ্ৰমণি ব্ৰহ্মদত্ত বিশেষ অতিথি হিচাপে মঞ্চত উপস্থিত থাকে।

গুৱাহাটীৰ কিশোৰ কুমাৰ জৈনক কমলেশ প্ৰশান্ত স্মৃতি অহিন্দী সাহিত্য বঁটা আৰু ৫,১০০ টকা, সন্মানিত প্ৰমাণ পত্ৰ, চাদৰ আৰু প্ৰতীক চিহ্নও প্ৰদান কৰে। কবি, সাহিত্যিক কিশোৰ কুমাৰ জৈনে এই সন্মান পোৱাত মহানগৰীৰ লগতে ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে অভিনন্দন জনাইছে ।