গুৱাহাটী

আজি ষষ্ঠী, পূজাৰ বেদীত স্থাপিত হ’ব দেৱী দশভূজাৰ প্ৰতিমা

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে এতিয়া পূজাৰ ব্যস্ততা। সোমবাৰে ষষ্ঠী। সোমবাৰে পুৱা ৮ বাজি ৪৪ মিনিট ৫৫ ছেকেণ্ডৰ ভিতৰত আৰম্ভ হয় দেৱী দূর্গাৰ কাত্যায়নী ৰূপত যথাবিহীত পূজা আৰাধনা। এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত পূজাৰ বেদিত স্থাপিত হ'ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হ'ব দেৱীৰ প্ৰতিমা। দেৱীৰ বন্দনাৰে মুখৰিত হ'ব ৰাজ্য তথা দেশৰ আকাশ বতাহ।

ইতিমধ্যে মহালয়াৰ পবিত্ৰ ক্ষণত দেৱীৰ মত্যলৈ আগমনৰ লগে লগে আৰম্ভ হৈছে নৱৰাত্ৰি ব্ৰত। দেৱীৰ পূজাৰ অন্তত ১৯ অক্টোবৰৰ পুৱা ৮ বাজি ১৬ মিনিট ২৬ ছেকেণ্ডত সম্পাদন হ'ব দশমীৰ বিহিত পূজা আৰু দেৱী বিসৰ্জন। দোলাত উঠি ধৰাৰ পৰা গমন কৰিব দেৱীয়ে। উল্লেখ্য যে, মহানগৰীৰ বিভিন্ন স্থানত প্ৰায় ৪৫০খন পূজা মণ্ডপত পূজা কৰা হ'ব দেৱী দুৰ্গাক।

দেশ তথা দেশৰ বাহিৰৰ বিভিন্ন কীৰ্তি চিহ্নৰ আৰ্হিত সজাই তোলা হৈছে মহানগৰীৰ একাংশ পূজা মণ্ডপসমূহ। শনিবাৰে সংঘটিত বিস্ফোৰণৰ পাছতেই তৎপৰ হোৱা পৰিলক্ষিত হৈছে মহানগৰ আৰক্ষীকো। ইফালে পূজাৰ সময়ত বিভিন্ন বস্তু ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰিছে বহু লোকে।