শ্ৰীশ্ৰী দুৰ্গাপূজা সময় নিৰ্ঘণ্ট (২০১৮)ৰ সবিশেষ

শ্ৰীশ্ৰী দুৰ্গাপূজা সময় নিৰ্ঘণ্ট (২০১৮)ৰ সবিশেষ

এইবাৰ দেৱীৰ আগমন ঘোঁৰাত আৰু গমন হ'ব দেৱীৰ দোলাত। ২৩ আহিন অৰ্থাৎ ১০ অক্টোবৰৰ পৰা আৰম্ভ হৈছে প্ৰতিপদ। ২৪ আহিন দ্বিতীয়া, ২৫ আহিন তৃতীয়া, ২৬ আহিন চতুৰ্থী আৰু ২৭ আহিন পঞ্চমী। ষষ্ঠীত বিহিত পূজা আৰম্ভ হ'ব দেৱীৰ। এইবাৰ দুৰ্গাপূজাৰ সময় নিৰ্ঘণ্ট এনেধৰণৰ-

২৩ আহিন (ইং ১০ অক্টোবৰ), বুধবাৰঃ

প্ৰতিপদ- দিঃ ঘঃ ৭।৫৬।২২ লৈ। ৰাতিপুৱা ৭।৫৬।২২ৰ ভিতৰত দুৰ্গাদেৱীৰ প্ৰতিপদাদি কল্পাৰম্ভ  ও দুৰ্গাদেৱীৰ প্ৰতিপদ বিহিত পূজা আৰম্ভ।

২৪ আহিন( ইং ১১ অক্টোবৰ), বৃহস্পতিবাৰঃ

দ্বিতীয়াঃ ৰাতিপুৱা ৭।৮।৬ লৈ। ৰাতিপুৱা ৭।৮।৬ ৰ ভিতৰত দেৱীৰ দ্বিতীয়া বিহিত পুজা আৰম্ভ।

১৫ আহিন (ইং ১২ অক্টোবৰ), শুকুৰবাৰঃ

তৃতীয়াঃ ৰাতিপুৱা ৬।৪৯।৭ লৈ। ৰাতিপুৱা দুৰ্গাদেৱীৰ তৃতীয়া বিহিত পূূজা আৰম্ভ।

২৬ আহিন (ইং ১৩ অক্টোবৰ), শনিবাৰঃ

চতুৰ্থীঃ ৰাতিপুৱা ৭।০।৩৪ লৈ। ৰাতিপুৱা দেৱীৰ চতুৰ্থী বিহিত পূজা আৰম্ভ।

২৭ আহিন (ইং ১৪ অক্টোবৰ), দেওবাৰঃ

পঞ্চমীঃ ৰাতিপুৱা ৭।৪৩।৪ লৈ। ৰাতিপুৱা দেৱীৰ পঞ্চমী বিহিত পূজা আৰম্ভ। সন্ধিয়া দেৱীৰ বোধন।

২৮ আহিন (ইং ১৫ অক্টোবৰ), সোমবাৰঃ

ষষ্ঠীঃ ৰাতিপুৱা ৮।৫৫।১৭ লৈ। ৰাতিপুৱা দেৱীৰ ষষ্ঠী বিহিত পূজা আৰম্ভ। সন্ধিয়া দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস।

২৯ আহিন (ইং ১৬ অক্টোবাৰ), মঙলবাৰঃ

সপ্তমীঃ দিঃ ঘঃ ১০।৩০।৫৬ লৈ। ৰাতিপুৱা শাৰদীয় দুৰ্গাদেৱীৰ নৱ পত্ৰিকা প্ৰৱেশ স্থাপন আৰু সপ্তমী বিহিত পূজা আৰম্ভ।

৩০ আহিন (ইং ১৭ অক্টোবৰ), বুধবাৰঃ

অষ্টমীঃ দিঃ ঘঃ ১২।২৫।৫৯ লৈ। ৰাতিপুৱা দুৰ্গাদেৱীৰ মহাষ্টমী বিহিত পূজা আৰম্ভ। সন্ধিপূজা আৰম্ভ- দিঃ ঘঃ ১২।১।৫৯ত।  সন্ধিপূজা সমাপন- দিঃ ঘঃ ১২।৪৯।৫৯ত।

৩১ আহিন (ইং ১৮ অক্টোবৰ), বৃহস্পতিবাৰঃ 

নৱমীঃ দিঃ ঘঃ ২।৩১।১৩ লৈ। ৰাতিপুৱা দুৰ্গাদেৱীৰ মহা নৱমী পূজা আৰম্ভ আৰু কুমাৰী পূজা।

১ কাতি (ইং ১৯ অক্টোবাৰ) শুকুৰবাৰঃ

দশমীঃ দিঃ ঘঃ ৪।৩৬।২২ লৈ। ৰাতিপুৱা দুৰ্গাদেৱী দশমী বিহিত পূজা আৰম্ভ আৰু দেৱীৰ বিসৰ্জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in