গুৱাহাটীত পাহাৰৰ পৰা বাগৰি পৰিল ডাম্পাৰঃ এজনৰ থিতাতে মৃত্যু...
গুৱাহাটীত পাহাৰৰ পৰা বাগৰি পৰিল ডাম্পাৰঃ এজনৰ থিতাতে মৃত্যু... 
গুৱাহাটী

গুৱাহাটীত পাহাৰৰ পৰা বাগৰি পৰিল ডাম্পাৰঃ এজনৰ থিতাতে মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ খাৰঘুলিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন ডাম্পাৰ বাগৰি পৰিল পাহাৰৰ ২০ ফুট নামনিত। এই ঘটনা সংঘটিত হৈছে খাৰঘুলিৰ অমিয়নগৰত।

জানিব পৰা মতে পানী যোগান প্ৰকল্পত ব্যৱহৃত ডাম্পাৰখন অমিয়নগৰৰ পাহাৰৰ পৰা তললৈ বাগৰি পৰে। ফলত থিতাতে নিহত হয় আলী উপাধিৰ এগৰাকী লোকৰ।

আনহাতে কথমপি ৰক্ষা পৰিছে ৩ গৰাকী লোকৰ। অতি দুৰ্গম পথ আৰু চালকৰ অসাৱধানতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে।