গুৱাহাটী

নিশাৰ মহানগৰীত মাতাল যুৱক-যুৱতীৰ অতপালি

Asomiya Pratidin

ডিজিটেল ডেস্ক : সোমবাৰে নিশা গুৱাহাটী মহানগৰীৰ এটা গেষ্ট হাউচত একাংশ যুৱক-যুৱতীয়ে সুৰাৰৰাগীত মাতাল হৈ উদ্ভণ্ডালি কৰে। ফলত 'দ্য ড্রপ ইন' নামৰ গেষ্ট হাউচটোত হুলস্থূলীয়া পৰিৱেশৰ উদ্ভৱ হয়। একাংশ মাতাল যুৱক-যুৱতীয়ে মাজনিশালৈকে উদ্ভণ্ডালি কৰাৰ অভিযোগ তুলিছে ওচৰ-চুবুৰীয়া ৰাইজে।  

সুৰাৰৰাগীত মাতাল হৈ দলটোৱে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বুলি অভিযোগ তুলিছে। আনহাতে গেষ্ট হাউচটোৰ নিয়ম ভংগ কৰি তাত অধিক লোকৰ প্ৰৱেশ কৰা বুলিও অভিযোগ তোলে।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে উপযুক্ত তদন্ত নকৰা বুলি সচেতন ৰাইজে অভিযোগ কৰে। আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ হৈ একাংশ ৰাইজে আৰক্ষীৰ বাহন ঘেৰাও কৰে। উল্লেখ্য যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাইজে আৰক্ষীক অৱগত কৰিছিল। কিন্তু আৰক্ষীয়ে ৰাইজৰ অভিযোগ পিছতো ব্যৱস্থা নোলোৱাত অসন্তুষ্ট একাংশ ৰাইজ।