তুলনীয়া কন্যাক নিৰ্যাতনঃ চিকিৎসক দম্পত্তি ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামক আটক...
তুলনীয়া কন্যাক নিৰ্যাতনঃ চিকিৎসক দম্পত্তি ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামক আটক... 
গুৱাহাটী

তুলনীয়া কন্যাক নিৰ্যাতনঃ চিকিৎসক দম্পত্তি ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামক আটক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। তুলনীয়া কন্যাক শাৰীৰিক, মানসিক নিৰ্যাতনৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।

জানিব পৰা মতে এই অভিযোগত আজি আৰক্ষীয়ে দুয়োকে আটক কৰিছে। চিকিৎসক দম্পত্তি হালে ৫ বছৰীয়া তুলনীয়া কন্যাক ঘৰৰ ছাদত প্ৰখৰ ৰ'দত বান্ধি চলাই আহিছিল নিৰ্যাতন।

ইয়াৰোপৰি কন্যা শিশুটিৰ দেহত আছে আঘাতৰ কোব। আজিও শিশুটিক নিৰ্যাতন চলোৱাৰ সময়তে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। তাৰ পাছতে আৰক্ষীয়ে আটক কৰিছে চিকিৎসক দম্পত্তিহালক।

উল্লেখ্য যে ডাঃ সংগীতা দত্ত গুৱহাটীৰ এগৰাকী আগশাৰীৰ মনোৰোগ বিশেষজ্ঞা। সংঘনাই তেওঁক দেখা যায় টেলিভিশ্যন চেনেলত। ইয়াৰোপৰি তেওঁলোক দুয়ো গুৱাহাটী টাউন ক্লাৱৰো সদস্য।

এই শিশু নিৰ্যাতন ঘটনা সন্দৰ্ভত শিশু সুৰক্ষা আয়োগকো অৱগত কৰা হৈছে। দম্পত্তি হালক আৰক্ষীয়ে আটক কৰিছে যদিও শক্তিশালী হোৱাৰ লগতে ধনবলৰ জৰিয়তে আইনৰ মাজেৰে সাৰি যাব বুলিও চৰ্চা চলিছে।

এই সন্দৰ্ভত শিশু অধিকাৰ কৰ্মী মেগিউল দাস কিউৱে সামাজি মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে সবিশেষ। তেওঁ দম্পত্তিহালে কন্যা শিশুটিক তুলি লোৱাৰ সন্দৰ্ভত প্ৰয়োজনীয় নঠি-পত্ৰ পৰীক্ষাৰ বাবেও দাবী উত্থাপন হৈছে। ইয়াৰোপৰি শিশুটিক তাৎক্ষণিক ভাৱে এই দম্পত্তি হালৰ পৰা উদ্ধাৰ কৰিবলৈ দাবী জনাইছে।

শিশু অধিকাৰ কৰ্মী মেগিউল দাস কিউৰ ফেচবুক পোষ্ট।