গজাইগাঁৱত ৩ দিনীয়াকৈ দেহাল কাৰ্ছিদম উৎসৱ উদযাপন...
গজাইগাঁৱত ৩ দিনীয়াকৈ দেহাল কাৰ্ছিদম উৎসৱ উদযাপন... 
গুৱাহাটী

গজাইগাঁৱত ৩ দিনীয়াকৈ দেহাল কাৰ্ছিদম উৎসৱ উদযাপন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীয়ে নিজস্ব বিশ্বাস আৰু পৰম্পৰাৰে উদযাপন কৰে বিভিন্ন পূজা-পাতল। কাৰ্বিসকলেও ধৰ্মীয় বৈদিক শক্তি আৰধনা কৰি উদযাপন কৰে দেহাল পূজা। ফাগুনৰ প্ৰথমটো মঙ্গলবাৰে কাৰ্বি সমাজে এই পূজা অনুষ্ঠিত কৰে।

কাৰ্বি আংলঙত এই পূজাক জনা যায় ৰংকেৰ উৎসৱ বুলি। মূলতঃ শিৱক আৰধনা কৰি তেওঁৰ লগতে আন দেৱ, দেৱীসকলক দেহাল স্থানত ৰাইজে মিলি এই পূজা ভাগ অনুষ্ঠিত কৰে।

গাওঁসমূহৰ লগতে গাওঁবাসীক সুৰক্ষিত কৰি বছৰটোৰ মংগল কামনা কৰি নদ-নদী, খাল-বিল আদিৰ নামটো পূজাৰ চৰাই আৰু ছাগলী বলি দিয়ে। মহানগৰীৰ সমীপৱৰ্তী গজাইগাঁৱটো দেহাল কাৰ্ছিদম উৎসৱ ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰী ২০২৩ ত আয়োজন কৰা হয়।

১৪ ফেব্ৰুৱাৰীত এই পূজা উপলক্ষে ২ শতাধিক কুকুৰা আৰু ১৫ টা ছাগলী বলি দি গাওঁবাসীৰ মংগলৰ কামনা কৰে ৰাইজে মিলি। গজাইগাওঁ দেহাল মন্দিৰত এই পূজা অনুষ্ঠিত হয়।

পূজাত স্থানীয় প্ৰায় সকলো লোকেই অংশগ্ৰহণ কৰে। ১৫ ফেব্ৰুৱাৰী দেহাল পূজা উপলক্ষে ৰাইজে প্ৰীতি ভোজ আৰু এক অন্তৰংগ আলাপ আয়োজন কৰিছে আয়োজক কমিটীয়ে।