গুৱাহাটী

উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিধায়ক আফতাব উদ্দীন মোল্লা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল কংগ্ৰেছী বিধায়ক আফতাব উদ্দীন মোল্লা। মঙলবাৰে নিশা দিশপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে বিধায়ক গৰাকীক।

বিধায়ক আবাসৰ এফ ব্লকত থকা দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিধায়ক আবাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আফতাব উদ্দিন মোল্লাক। উল্লেখ্য যে, হিন্দু ধৰ্মক লৈ ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছিল জলেশ্বৰ সমষ্টিৰ বিধায়কগৰাকী। হিন্দুক ব্যভিচাৰী আৰু নামঘৰীয়াক ধৰ্ষণকাৰী বুলি কৰা মন্তব্যৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

ভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ লোকজনে দাখিল কৰিছিল এখন এজাহাৰ। এই এজাহাৰৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি জলেশ্বৰৰ কংগ্ৰেছী বিধায়কজনক গ্ৰেপ্তাৰ কৰে।

মঙলবাৰে নিশা প্রায় ৯.৫৫ বজাত গ্ৰেপ্তাৰ কৰা হয় বিধায়কজনক। বৰ্তমান গুৱাহাটীৰ পূব আৰক্ষী জিলাৰ ডি চি পিৰ কাৰ্যালয়ত আৰক্ষীয়ে বিধায়কগৰাকীক অব্যাহত ৰাখিছে সোধা-পোছা। উল্লেখ্য যে, হিন্দু ধৰ্মক লৈ আপত্তিজনক মন্তব্য কৰি বিপদত পৰা জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দীন মোল্লা কংগ্ৰেছ দলৰো ৰোষত পৰিছে। দলৰ ফালৰ পৰা ইতিমধ্যে বিধায়কজনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।