অচল হৈ পৰিব চি এন জি চালিত বাছ ! বিভিন্ন দাবীৰে চালকৰ উত্তাল প্ৰতিবাদ...
অচল হৈ পৰিব চি এন জি চালিত বাছ ! বিভিন্ন দাবীৰে চালকৰ উত্তাল প্ৰতিবাদ...  
গুৱাহাটী

অচল হৈ পৰিব চি এন জি চালিত বাছ ! বিভিন্ন দাবীৰে চালকৰ উত্তাল প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ ৰাজপথত চলি থকা চি এন জি চালিত বাছ সেৱা আৰম্ভণি হোৱাৰ লগে লগেই আৰম্ভ হৈছে বিতৰ্ক। জানুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত মুকলি কৰিছিল ১০০ খন চি এন জি চালিত বাহনষ।

সুন্দৰ সুবিধাযুক্ত এই বাছসমূহ হয়তো এতিয়াৰে পৰা গুৱহাটীৰ ৰাজপথত হৈ পৰিব অচল ! কিয়নো এই বাছসমূহৰ চালকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ। আজি আই এছ বি টিত চি এন জি চালিত বাছসমূহৰ চালকসকলে বিভিন্ন অভিযোগেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে দুগৰাকী চালকক অব্যাহতি দিয়াৰ লগতে চালকসকলৰ চাকৰিৰ ভৱিষ্যত সুৰক্ষা নথকাৰ দিশটোক কেন্দ্ৰ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী চালকসকলৰ দাবী তেওঁলোকৰ চাকৰি নিয়মীয়া কৰক।

আনহাতে এই চালকসকলে অভিযোগ উত্থাপন কৰি কয় যে, দিনটোৰ অন্তত কাৰ্যালয়ত তেওঁলোকে জমা দিব লাগে অধিক পৰিমাণৰ ধন। আনহাতে তেওঁলোকৰ যি দৰমহা সেয়াও শ্ৰম অনুসৰি বহু কম বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে, ১৩ বছৰ ধৰি এই চালকসকলে অসম ৰাজ্যিক পৰিবহণ সংস্থাৰ অধীনত অস্থায়ী বাছ চালক হিচাপে কৰ্ম সম্পাদন কৰি আছে। প্ৰথমে মাহে ৩ হাজাৰকৈ দৰমহা লাভ কৰা এই চালকসকলে আজিৰ তাৰিখত দৰমহা হিচাপে লাভ কৰে ৮ হাজাৰ ৫০০ টকা।

যাৰ বাবে তেওঁলোকে মূল্যবৃদ্ধিৰে মহঙা অৱস্থাত পৰিয়াল পোহপাল দিবলৈও অসমৰ্থ বুলি মন্তব্য কৰিছে। চালকসকলে শীঘ্ৰেই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ দাবী উত্থাপন কৰিছে।

১৩ বছৰ ধৰি অস্থায়ী কৰ্মচাৰী হিচাপে নামমাত্ৰ পাৰিশ্ৰমিকেৰে কৰ্ম সম্পাদন কৰি অহা এই চালকসকলৰ মাজৰ দুজনক সমান্য কথাতে অব্যাহতি দিয়াৰ বাবে তেওঁলোকে এতিয়া ভৱিষ্যত অনিশ্চয়তাত ভূগিবলৈ আৰম্ভ কৰিছে।