জোনমণি ৰাভাৰ গোচৰ CBI লৈ হস্তান্তৰ কৰিবলৈ সাজু ! মুখ্যমন্ত্ৰীয়ে ক'লে- নিৰ্দোষীক দোষী, দোষীক নিৰ্দোষী সজোৱা নহ'ব...
জোনমণি ৰাভাৰ গোচৰ CBI লৈ হস্তান্তৰ কৰিবলৈ সাজু ! মুখ্যমন্ত্ৰীয়ে ক'লে- নিৰ্দোষীক দোষী, দোষীক নিৰ্দোষী সজোৱা নহ'ব... 
গুৱাহাটী

জোনমণি ৰাভাৰ গোচৰ CBI লৈ হস্তান্তৰ কৰিবলৈ সাজু ! মুখ্যমন্ত্ৰীয়ে ক'লে- নিৰ্দোষীক দোষী, দোষীক নিৰ্দোষী সজোৱা নহ'ব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰা ভাষ্য অনুসৰি জোনমণি ৰাভাৰ ঘটনা সন্দৰ্ভত তেওঁক বহু কথাই অৱগত কৰা হৈছে।

তেওঁ কয়, এয়া কেৱল এটা ঘটনা নহয় ইয়াৰ লগত আৰু বহু দিশ জড়িত হৈ আছে। আনহাতে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পাছতে নকল সোণ আৰু জাল নোটৰ বিষয়ে অব্যাহত থকা চৰ্চাৰ সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আজি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জোনমণি ৰাভাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ গোচৰ চি আই ডিৰ পৰা চি বি আইলৈকো হস্তান্তৰ কৰিবলৈও সাজু আছে বুলি উল্লেখ কৰিছে। তেওঁ কয়, চি আই ডিয়ে তদন্ত আগবঢ়াই নিছে। এই ঘটনাৰ সৈতে বিভিন্ন দিশ জড়িত হৈ আছে।

ইয়াৰোপৰি তেওঁ কয়, বহুত বেছি আলোচনাই মৃতকক আমি যি সন্মান দিব লাগে, সেই সন্মানৰ পৰিৱৰ্তে মৃতকক লৈ বহু প্ৰশ্নৰহে উত্থাপন হৈছে। এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ জোনমণি ৰাভা বৰ্তমান জীৱিত অৱস্থাত নাই।

তেওঁ কয়, অভিযোগ থাকিব কিন্তু অভিযোগৰ তেওঁ উত্তৰ দিব নোৱাৰিব। এজন মৃত মানুহৰ বিড়ম্বনা থাকে। গতিকে মই ভাবো যে, এগৰাকী মৃত ব্যক্তিক লৈ আমি এটাই আশা কৰিব লাগে তেখেতৰ আত্মাই সদগতি লাভ কৰক আৰু তদন্ত নিৰপেক্ষ হওক।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যদি পৰিয়ালে ভাবে চি আই ডিৰ তদন্তত তেওঁলোক সন্তুষ্ট নহয় তেন্তে চি বি আইলৈকো এই তদন্ত প্ৰক্ৰিয়া হস্তান্তৰ কৰিবলৈ সাজু আছো। কিন্তু মাতৃগৰাকীলৈ অনুৰোধ, অসম আৰক্ষীয়ে বা চি আই ডিয়েও নিৰপেক্ষ ভাৱে তদন্ত কৰিব। জোনমণি ৰাভাও অসম আৰক্ষীৰে বিষয়া আছিল।

গোটেই ঘটনাটোৰ লগত বহু দিশ জড়িত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, কিছু কথা মোকো কোৱা হৈছে। সেয়ে এই ঘটনা সন্দৰ্ভত বহু মন্তব্য দিয়াৰ পৰা বিৰত আছো। কাৰণ অভিযোগ প্ৰতি অভিযোগৰ উত্তৰ দিবলৈ মৃত ব্যক্তিগৰাকী আমাৰ মাজত নাই।

তেওঁ চি আই ডিক পৰৱৰ্তী সময়ত জোনমণি ৰাভাৰ পৰিয়ালৰ সদস্যক মাতি আনি তেওঁলোকে কি তদন্ত কৰিছে সেই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছে। যদি চি আই ডিৰ তদন্তত তেওঁলোক সন্তুষ্ট নহয় তেতিয়াহলে চি বি আইলৈ এই গোচৰ হস্তান্তৰ কৰাৰ কোনো আপত্তি নাই।

তেওঁ কয়, দোষীক নিৰ্দোষী সজোৱাৰ কোনো কথা নাই। নিৰ্দোষীকো দোষী সজাবলৈ নাই, দোষীকো নিৰ্দোষী সজাবলৈ নাই। আনহাতে নকল সোণৰ ব্যৱসায় সন্দৰ্ভত তেওঁ কয়, লখিমপুৰ আৰু অসমৰ তিনি, চাৰিটা ঠাইত নকল সোণৰ ব্যৱসায় চলি আছিল।

যোৱা ২ টা বছৰত ইয়াক বহুখিনি নোহোৱা কৰিব পাৰিছো। নকল সোণ আৰু নকল নোটৰ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ এটা অঞ্চলত অজস্ৰ ঘটনা ঘটি গৈছে। যোৱা ২ টা বছৰত ইমান ঘটনা ঘটিব পৰা নাই। কিন্তু সম্পূৰ্ণ নিৰ্মূলো কৰিব পৰা নাই।

নকল সোণ মানে সোণ নেদেখাই। চিমেণ্টেৰে বনোৱা নাও এখন মানুহক সোণ বুলি দেখোৱাই মানুহৰ পৰা টকা সংগ্ৰহ কৰে। এইটো এটা ৪২০ কাৰোবাৰ। সোণ জালি কৰি বনাই সোণ বিক্ৰী নকৰে। মানুহক কয়, সোণৰ নাও এখন মাটিৰ তলত পাইছো। লোভী মানুহ লোভত পৰে। এয়া লোভী-লোভীৰ মাজৰ প্ৰতিযোগিতা।