অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ড০ চন্দন মহন্তই...
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ড০ চন্দন মহন্তই... 
গুৱাহাটী

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ড০ চন্দন মহন্তই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অধ্যাপক ড০ চন্দন মহন্তই। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপকগৰাকী দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল।

এপল' ইন্টাৰনেশ্যনেল হাস্পাতালৰ ক্ৰিটিকেল কেয়াৰত চিকিৎসাধীন হৈ আছিল যদিও শেহতীয়াকৈ তেওঁ হাস্পতালৰ পৰা আই আই টি চৌহদত থকা আৱাসগৃহলৈ গৈছিল। আৰু তাতেই আজি পুৱাৰ ভাগত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, তেওঁ গ্লাইঅ'ব্লাষ্টামা মাল্টিফৰ্ম নামৰ এক ব্ৰেইন টিউমাৰজনিত ভয়ানক ৰোগত আক্ৰান্ত হৈ আছিল।

চিকিৎসা বিজ্ঞানৰ প্ৰায়বোৰ চিকিৎসা পদ্ধতিৰে তেওঁক চিকিৎসা কৰা হৈছিল যদিও অৱশেষত এই সকলোবোৰ পদ্ধতি তেওঁৰ ক্ষেত্ৰত বিফল হয়। পৰিৱেশ সংক্ৰান্তীয় বিষয়ৰ ওপৰত এক বিস্তৃত আৰু গভীৰ জ্ঞানেৰে পুষ্ট মহন্তই ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ অৱবাহিকাৰ ওপৰত ভালেমান অধ্যয়ন আৰু গৱেষণা চলাইছিল। তেওঁ আছিল নামনি সোৱণশিৰি বান্ধ সম্পৰ্কীয় সমিতিখনৰ এগৰাকী বিশেষজ্ঞ সদস্য।