গুৱাহাটী

অসমৰ বিষ্ণুপ্ৰিয়া মণিপুৰী‌ জনগোষ্ঠীক‌ কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভূক্ত কৰিবলৈ আলোচনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ গুৱাহাটী,নগাঁও, শোণিতপুৰ,ওদালগুৰি,কাছাৰ,কৰিমগঞ্জ, হাইলাকান্দি আদি জিলাৰ ভিন ভিন প্ৰান্তত "বিষ্ণুপ্ৰিয়া মণিপুৰী" জনগোষ্ঠীৰ লোকসকল যুগ যুগ ধৰি বসতি ‌কৰি আহিছে। মূলতঃ তেওঁলোকৰ‌ সৰহ সংখ্যক‌ কৃষিজীৱি ।

বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী‌ অসম চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভূক্ত । এয়াই নহয় ১৯৯৬ চনৰ ১৮ মাৰ্চলৈকে‌ কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভূক্ত আছিল । ‌দুৰ্ভাগ্যবশত‌: ৰাজনৈতিক পাকচক্ৰত বৰ্তমান ‌অসমত বসবাস কৰা ২ ‌লাখৰো অধিক বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী‌ৰ লোকসকললৈ এক অমানিশা নামি আহিল। যেতিয়া জনগোষ্ঠীটোৱে কেন্দ্ৰৰ সকলো‌ সা-সুবিধাৰ পৰা বঞ্চিত হ'ল । ‌

বুধবাৰে অসমৰ অন্যান্য পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষ শান্তনু গগৈয়ে ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী হংসৰাজ গংগাৰাম অহিৰক সাক্ষাৎ কৰি বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী‌ৰ লোকসকলে ১৯৯৬ চনৰ পৰা‌ ভুগি অহা সমস্যাটোৰ ওপৰত এক দীঘলীয়া আলোচনাত‌ মিলিত হয় । অসমৰ বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী‌ৰ‌ লোকসকলে কেন্দ্ৰৰ‌ সা-সুবিধাৰ পৰা বঞ্চিত হোৱাটোত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে ।‌

লগতে ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষগৰাকীয়ে অনতি পলমে বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী‌ৰ লোকসকল কেন্দ্ৰৰ পৰা কিয়‌ বঞ্চিত হ'ল সেই সম্পৰ্কে জানিবলৈ ‌ গুৱাহাটীলৈ আহিব বুলি শ্ৰেণী আয়োগৰ অসমৰ ‌অধ্যক্ষগৰাকীক জানিব দিয়ে ।

অধ্যক্ষ ‌শান্তনু গগৈৰ এই কাৰ্য ব্যৱস্থাপনাত সহযোগিতা আগবঢ়াই বিষ্ণুপ্ৰিয়া মণিপুৰী সংযুক্ত যুৱ সংস্থাৰ কাৰ্যকৰী সভাপতি বিমল সিনহা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ণ পৰিষদৰ কাৰ্যবাহী সদস্য নীলমণি সিনহাই ।