গুৱাহাটী

চচল শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ত প্ৰয়াত ৰূপেশ্বৰ পাটৰৰ স্মৃতি চাৰণ সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়া : বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্থলী গুৱাহটী মহানগৰৰ চচল অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজ সংগঠক আৰু বৃহত্তৰ চচলৰ পুৰোধা ব্যক্তি ৰূপেশ্বৰ পাটৰৰ বিগত ২০ এপ্ৰিলত চেন্নাই এপ'ল হস্পিতালত পৰলোকপ্ৰাপ্তি ঘটে ৷ অসম চৰকাৰৰ অধীনস্থ দিছপুৰ সচিবালয়ৰ যুটীয়া সচিব হিচাপে অৱসৰ গ্ৰহণ কৰা বৃহত্তৰ চচলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সততে জড়িত থকা ব্যক্তি ৰূপেশ্বৰ পাটৰৰ শণিবাৰে স্মৃতি চাৰণ সভা চচল শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ত শাখা সাহিত্য সভাৰ সভাপতি থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয়।

বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে তেখেতৰ ভাষনত ৰূপেশ্বৰ পাটৰ এগৰাকী বিশিষ্ট সমাজ সংগঠক আৰু বৃহত্তৰ চচল অঞ্চলৰ এগৰাকী আগশাৰীৰ সমাজ নিৰ্মাতা বুলি ব্যাখ্যা কৰাৰ লগতে পাটৰৰ অৰিহণা বিশেষকৈ চচল শতদল সাহিত্য সভা, ওপৰ চচল বিহু সন্মিলনকে আদি কৰি চচল অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অন্যতম প্ৰতিষ্ঠাতা বুলি ব্যক্ত কৰে ।

স্মৃতি চাৰণ অনুষ্ঠানত নৱ কুমাৰ মুদৈ, ক্ৰীড়া সম্পাদক হৰেণ মান্তা, চচল জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বলেন দাস, চচল নামঘৰ পৰিচালনা সমিতিৰ সভাপতি নিকুঞ্জ দাস, চচল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভূপেন্দ্ৰ চন্দ্ৰ দাস, চচল শতদল শাখা সাহিত্য সভাৰ উপ-সভাপতি কনক চন্দ্ৰ মহন্ত, শাখা সাহিত্য সভাৰ সম্পাদক ড° কমল চৌধুৰী, ওপৰ চচল বিহু সন্মিলনৰ সভাপতি ড° মদন তমুলী, শাখা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰ প্ৰমুখ্যে ব্যক্তিসকলে ৰূপেশ্বৰ পাটৰৰ বিভিন্ন দিশৰ বৰঙনিৰ বিষয়ে সভাত স্মৃতি চাৰণ কৰে ৷

পাটৰৰ বিয়োগ চচল অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য আগবঢ়ায় । সভাত স্বৰ্গগত আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷