গুৱাহাটী

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ব'নমেৰ’ ট্ৰান্সপ্লাণ্ট ইউনিট উদ্বোধন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে গুৱাহাটীৰ ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট (বি বি চি আই)ত ৫বিচনাযুক্ত ব'নমেৰ’ ট্ৰান্সপ্লাণ্ট ইউনিট/ৱাৰ্ড, ৰেডিয়থেৰাপীৰ বাবে দ্বিতীয় ভবাট্ৰন মেচিন, আৰু ব্লাড ইৰেডিয়েটৰৰ সুবিধা উদ্বোধন। উদ্বোধন কৰে টাটা মেমৰিয়েল চেণ্টাৰ (টি এম চিৰ),মুম্বাই সঞ্চালক পদ্মশ্ৰী ডাঃ ৰাজেন্দ্ৰ এ বদৱেই।

উল্লেখ্য যে, এইচ ডি এফ চি বেংকৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা শাখা এইচ টি পাৰেখ ফাউণ্ডেশ্যনৰ পুঁজিৰ সহায়ত ব'নমেৰ’ ট্ৰান্সপ্লাণ্ট ইউনিটটো গঢ়ি তোলা হৈছিল। ব্লাড ইৰেডিয়েটৰৰ লগতে একাধিক অত্যাধুনিক অস্ত্ৰোপচাৰ যন্ত্ৰ আৰু এখন মোবাইল ব্লাড সংগ্ৰহ ভ্যান ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডে (আই অ’ চি এল) দান কৰে।

উক্ত কাৰ্যসূচীত এইচ টি পাৰেখ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া জিয়া লালকাকা, আই অ' চি এলৰ জেনেৰেল মেনেজাৰ সৌৰভ চলিহা, টি এম চিৰ সঞ্চালক (শৈক্ষিক বিষয়া) ডাঃ শ্ৰীপদ বানাৱলী, টাটা মেমৰিয়েল হাস্পতালৰ সঞ্চালক ডাঃ চি এছ প্ৰমেশ উপস্থিত থাকে। বি বি চি আইৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সাধাৰণ সভাখনত আদৰণি ভাষণ প্ৰদান কৰে বি বি চি আইৰ সঞ্চালক ড০ বি বি বৰঠাকুৰে।

সভাত ভাষণ প্ৰদান কৰি ডাঃ বাডৱেই সমগ্ৰ দেশতে কম খৰচী সুলভ মূল্যৰ কৰ্কট ৰোগৰ যত্নৰ সুবিধাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে আলোকপাত কৰে। জিয়া লালকাকাৰ মতে,এইচ টি পাৰেখ ফাউণ্ডেচনে উত্তৰ-পূব ভাৰতৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ ১৮% বৰঙণি আগবঢ়াইছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, আই অ' চি এলৰ অসম তেল সংমণ্ডলে বাৰাণসী, বিশাষাপট্টনম, আৰু সংগ্ৰুৰত থকা টি এম চিৰ অন্যান্য পেৰিফেৰেল ইউনিটলৈ অত্যাধুনিক অস্ত্ৰোপচাৰৰ যন্ত্ৰ দান কৰিছে। উক্ত সভাৰ জৰিয়তে উল্লেখ কৰে যে, বি বি চি আয়ো মুম্বাইৰ টি এম চিৰ ৫টা পেৰিফেৰেল চেণ্টাৰৰ ভিতৰত অন্যতম।