গুৱাহাটী

“সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ বাৰ্ষিক অধিবেশন আৰু ব’হাগৰ আনন্দ উৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান “সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ বাৰ্ষিক অধিবেশন আৰু “ব’হাগৰ বতৰত এখন্তেক আনন্দ” শীৰ্ষক উৎসৱ দেওবাৰে উদযাপন কৰা হয়। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত দিনজোৰাকৈ অনুষ্ঠিত কৰা হয়।

কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯বজাত “সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ সদস্য থগিত নাহৰ ডেকাই ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত নাহৰ ডেকাই “সুপ্ৰভাত কলাক্ষেত্ৰ”ক গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত এশৰো অধিক বিভিন্ন বয়সৰ অগ্ৰণী লোকৰ মানসিক-শাৰীৰিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ এক অদম্য প্ৰেৰণাদায়ক অনুষ্ঠান বুলি মন্তব্য কৰে।

লগতে তেওঁ মহানগৰীৰ সদাব্যস্ত যান্ত্ৰিকতাৰ মাজতো এই অনুষ্ঠানটোৱে সকলোকে বয়স, ব্যস্ততাৰ কথা পাহৰাই জীৱনটোক নতুনকৈ অনুভৱ আৰু উপভোগ কৰিবলৈ শিকাইছে বুলি কৈ অনুষ্ঠানটোক ভাল চিন্তাচৰ্চাৰ এটা বৃহৎ পৰিয়াল বুলি তেওঁ আখ্যা দিয়ে ৷ পতাকা উত্তোলনৰ পিছতে বাৰ্ষিক অধিবেশনৰ লগত সঙ্গতি ৰাখি বহাগী উৎসৱ উদযাপন উপলক্ষে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

শোভাযাত্ৰাৰ পিছতে গছৰ তলৰ বিহু, বিহু-হুঁচৰিকে ধৰি বিভিন্ন বয়সৰ লোকৰ মাজত অনান্য ৰং-ধেমালি উদযাপন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি বিহুৰ ৰং-ধেমালিৰ পিচতে “সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়।

জাতীয় সঙ্গীত পৰিবেশনৰ পিছতেই সভাৰ বিশিষ্ট ব্যক্তিসকলে মঞ্চত আসন গ্ৰহণ কৰে ৷ শিল্পী গঙ্গোত্ৰী গোস্বামীয়ে বৰগীত পৰিবেশনৰ পিছতে পূৰ্বৰ সভাপতি অজিত কুমাৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিক সভাত সম্পাদক দীপক তালুকদাৰ আৰু বিত্তীয় সম্পাদক চেলিম উদ্দিন আহমেদৰ প্ৰতিবেদন পাঠ আৰু এই সন্দৰ্ভত বিশদ আলোচনাৰ পিছতে প্ৰতিবেদন গৃহীত হয়।

ইয়াৰ লগে লগে “সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ চলিত সমিতিখনে পদত্যাগ কৰে আৰু উপস্থিত সদস্যসকলে আগন্তুক বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰে ৷ প্ৰদীপ পূজাৰীক মুখ্য-সমন্বয়ক, ড° ৰথীন্দ্ৰ ভূঞাক সভাপতি আৰু ধ্ৰুৱজ্যোতি কাকতিক সম্পাদক হিচাপে লৈ গঠিত সমিতিৰ অনান্য বিষয়ববীয়াসকল হ’ল ক্ৰমে কাৰ্যকৰী সভাপতি মৃদুল বৰুৱা, উপসভাপতি আব্দুল মজিদ আৰু অজিত কুমাৰ নাথ, যুটীয়া সম্পাদক ড° নচিউৰ ৰহমান আৰু ৰাজু কলিতা, বিত্ত সম্পাদক চেলিম উদ্দিন আহমেদ, সাংস্কৃতিক আহ্বায়ক শান্তনু গৌতম, সাংস্কৃতিক সম্পাদক ক্ৰমে ছাহজামাল জাকাৰিয়া, কবিতা বৰা, প্ৰচাৰ সম্পাদক ৰক্তাভ জ্যোতি বৰা, ক্ৰীড়া সম্পাদক ভোলা নায়ক আৰু নীৰদা দলে, হিচাপ নিৰীক্ষক প্ৰেমানন্দ হাজৰিকা আৰু অঞ্জুমনি বৰুৱা ৷

“সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ পূৰ্ণাংগ সমিতিখন গঠনৰ পিছতে আগন্তুক বিত্তীয় বৰ্ষৰ কৰ্মসূচী সন্দৰ্ভত ছাহজামাল জাকাৰিয়াই চমু খচৰা দাঙি ধৰাৰ অন্তত এই সন্দৰ্ভত সদস্যসকলৰ মতামত গ্ৰহণ কৰি বিশদ আলোচনাৰে অধিবেশনৰ কাৰ্যসূচীৰ অন্ত পেলায় ৷