নিশাৰ গুৱহাটীত আৰক্ষীৰ বেৰিকেডত খুন্দা বাইকৰঃ দুই আহতলৈ সহাৰি নাই আৰক্ষী, ১০৮ সেৱাৰ
নিশাৰ গুৱহাটীত আৰক্ষীৰ বেৰিকেডত খুন্দা বাইকৰঃ দুই আহতলৈ সহাৰি নাই আৰক্ষী, ১০৮ সেৱাৰ 
গুৱাহাটী

নিশাৰ গুৱহাটীত আৰক্ষীৰ বেৰিকেডত খুন্দা বাইকৰঃ দুই আহতলৈ সহাৰি নাই আৰক্ষী, ১০৮ সেৱাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে নিশা গুৱাহাটী মহানগৰীত আৰক্ষীৰ বেৰিকেডত খুন্দিয়ালে এখন বাইকে। দিছপুৰ আৰক্ষীৰ অধীনৰ চাৰ্ভেত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছতো ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাৰ লগতে বাৰে বাৰে ফোন কৰিও ১০৮ এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে নিশা চাৰ্ভেত আৰক্ষীৰ এক বেৰিকেডত এখন বাইকে খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আহত হয় বাইক চালকজনৰ লগতে আৰোহীজন। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীৰ সমান্তৰালকৈ ১০৮ সেৱাৰ সৈতেও যোগাযোগ কৰা হৈছিল।

কিন্তু ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত নহ'ল। একেদৰে কোনো সহাৰি পোৱা নগ'ল ১০৮ এম্বুলেঞ্চ সেৱাৰ পৰা। উপায়ন্তৰ হৈ সেই সময়ত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ সহায়ত সংবাদ মাধ্যমৰ বাহনতে আহত বাইক চালক আৰু আৰোহীজনক চিকিৎসালয়লৈ লৈ যোৱা হয়।

উল্লেখ্য যে, স্থানীয় লোকে জনোৱা অনুসৰি চাৰ্ভে অঞ্চলত প্ৰকাণ্ড বেনাৰ লগাবলৈ আৰক্ষীৰ সহায়ত ৰাজপথৰ মাজত মা কামাখ্যা নামৰ সংস্থাটোৱে স্থাপন কৰিছিল বেৰিকেড। কিন্তু এই বেৰিকেড সম্পৰ্কে নাছিল কোনো সংকেট চীহ্ন। যাৰ বাবে কুঁৱলী পৰাৰ সময়ত এইসমূহ অস্পষ্ট হৈ পৰে।

এই কথা নিজ মুখেই স্বীকাৰ কৰিছে সংস্থাটোৰ কৰ্মচাৰীসকলে। অৱশ্যে তেওঁলোকে প্ৰতিঅভিযোগ কৰি কয় দুৰ্ঘটনাত পতিত হোৱা বাইকখনত অহা যুৱক দুজনে সুৰা সেৱন কৰি আহিছিল। ইফালে সংবাদ মাধ্যমে এই সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে জনাইছে ৰাজপথৰ মাজত বেৰিকেড দিয়াৰ সন্দৰ্ভত তেওঁলোক অৱগত নহয়।

আৰক্ষীয়ে জনোৱা অনুসৰি ৰাজপথত বেৰিকেড দিয়াৰ নামত তেওঁলোকৰ পৰা কোনেও অনুমতি লোৱা নাই।