অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সতীশ চন্দ্ৰ চৌধুৰীৰ বাসগৃহত নৱনিৰ্বাচিত সভাপতি, প্ৰধান সম্পাদক
অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সতীশ চন্দ্ৰ চৌধুৰীৰ বাসগৃহত নৱনিৰ্বাচিত সভাপতি, প্ৰধান সম্পাদক 
গুৱাহাটী

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সতীশ চন্দ্ৰ চৌধুৰীৰ বাসগৃহত নৱনিৰ্বাচিত সভাপতি, প্ৰধান সম্পাদক

Asomiya Pratidin

ডিজিটেল সংবাদ নলবাৰী: অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সতীশ চন্দ্ৰ চৌধুৰীৰ বাসগৃহত বুধবাৰে নৱনিৰ্বাচিত সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা আৰু প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিত শৰ্মাৰ নেতৃত্বত এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে সৌজন্যমূলক সাক্ষাৎ কৰি তেখেতৰ শাৰীৰিক অসুস্থতাৰ খবৰ লয় আৰু আশু আৰোগ্য কামনাৰে সাদৰ সম্ভাষণ জ্ঞাপন কৰে।

সাহিত্য সভাৰ দীৰ্ঘকালৰ প্ৰধান সম্পাদককে ধৰি উচ্চ পদত আসীন হৈ থকা চৌধুৰী বিগত ছমাহ ধৰি বহুমূত্ৰ ৰোগ আৰু অগ্নাশয় বেমাৰত আক্ৰান্ত হৈ আছে। আজি সন্ধিয়া চৌধুৰীৰ হাতীগাঁৱৰ শেৱালি পথৰ বকুলবন উপপথত থকা বাসগৃহত উপস্থিত এই প্ৰতিনিধি দলটোত যোগদান কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকৰ, সভাৰ জনগোষ্ঠীয় ভাষা প্ৰকল্পৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতা, ৰামধেনুৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, সাংগঠনিক সম্পাদক অনংগ নাথ , গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মন, নলবাৰীৰ সম্পাদক পংকজ বেজবৰুৱা, সাহিত্য সংগঠক প্ৰমোদ ডেকা আৰু সাহিত্য সভাৰ কৰ্মচাৰী কনক বৰ্মন ।

অনুষ্ঠানত ড০ হাজৰিকাই চৌধুৰীৰ শক্তিশালী কলমটোৰে তাহানিৰ সময়ৰ দস্তাবেজ লিখিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰধান সম্পাদক শৰ্মাই সতীশ চৌধুৰীৰ গৌৰৱময় কাৰ্যকালৰ সোঁৱৰণ কৰে।।