গুৱাহাটীত স্পিক-মেকে-ৰ 'শ্ৰুতি অমৃত': আহিব ৱাৰ্চি ব্ৰাদাৰ্চ,পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়া...
গুৱাহাটীত স্পিক-মেকে-ৰ 'শ্ৰুতি অমৃত': আহিব ৱাৰ্চি ব্ৰাদাৰ্চ,পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়া... 
গুৱাহাটী

গুৱাহাটীত স্পিক-মেকে-ৰ 'শ্ৰুতি অমৃত': আহিব ৱাৰ্চি ব্ৰাদাৰ্চ,পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়া...

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে ছ'চাইটি ফৰ দ্য প্ৰমোচন অৱ ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড কালচাৰ এমংষ্ট ইউথ (SPIC MACAY)ৰ সহযোগিতাত ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচী “শ্ৰুতি অমৰুত” কার্যক্ৰম আগবঢ়াব। স্পিক-মেকে হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীত, নৃত্য, সংস্কৃতিক যুৱক-যুৱতীসকলৰ মাজত প্ৰচাৰ কৰা এক অ-লাভজনক সংস্থা।

১৯৭৭ চনত আৰম্ভ হোৱা এই সংস্থাটোৱে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ দিশত কাম কৰি আহিছে। অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু স্পিক-মেকেৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব দুদিনীয়া কাৰ্যসূচী। প্ৰথম দিন ১৭ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয় চৌহদত ৱাৰ্চি ব্ৰাদাৰ্চৰ কাৱালি আৰু চিকিমৰ লোকশিল্পীৰ দ্বাৰা চিংহি লোকনৃত্য পৰিবেশন কৰা হ’ব ৷

দ্বিতীয় দিন ১৮ ফেব্ৰুৱাৰিত গুৱাহাটীৰ আই টি এ প্ৰাগজ্যোতিত পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়া আৰু উস্তাদ শ্বাহিদ পাৰভেজ খানৰ ক্ৰমে বাঁহী আৰু চেতাৰৰ অনুষ্ঠান আগবঢ়োৱা হ’ব। এই উপলক্ষে আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকক সম্বোধন কৰি বিশ্ববিদ্যালয়ৰ প্ৰো ভাইচ চেন্সেলৰ প্ৰফেচৰ প্ৰণবীৰ সিঙে কয় - এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক সচেতনতা আৰু সংবেদনশীলতা বৃদ্ধি আৰু তেওঁলোকক চহকী ঐতিহ্যৰ বিষয়ে অধিক জানিবলৈ উৎসাহিত কৰা ৷

ইয়াৰ লগতে আছে ভ্ৰাতৃত্ববোধৰ প্ৰসাৰৰ ধাৰণা ৷ এই অনুষ্ঠানবোৰে ছাত্ৰ-ছাত্ৰীসকলক শিল্পী আৰু বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব আৰু তেওঁলোকৰ বিপুল জ্ঞান আৰু অভিজ্ঞতাৰ পৰা বিভিন্ন কথা শিকাৰ সুযোগ লাভ কৰিব।