অসম গ্ৰন্থমেলাৰ বাকৰিত প্ৰশান্ত কুমাৰ দাস, মনোজলাল গগৈ আৰু চিত্ৰা শৰ্মাৰ গ্ৰন্থ উন্মোচন...
অসম গ্ৰন্থমেলাৰ বাকৰিত প্ৰশান্ত কুমাৰ দাস, মনোজলাল গগৈ আৰু চিত্ৰা শৰ্মাৰ গ্ৰন্থ উন্মোচন... 
গুৱাহাটী

অসম গ্ৰন্থমেলাৰ বাকৰিত প্ৰশান্ত কুমাৰ দাস, মনোজলাল গগৈ আৰু চিত্ৰা শৰ্মাৰ গ্ৰন্থ উন্মোচন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চনমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত আজি তিনিখনকৈ বিশেষ গ্ৰন্থ উন্মোচন কৰা হয়। অসম গ্ৰন্থমেলাৰ সভাকক্ষত সন্ধিয়া ৭ বজাত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাত প্ৰশান্ত কুমাৰ দাসৰ 'বাক-অনুবাক', মনোজলাল গগৈৰ 'ভাৰ্ছিটী' আৰু চিত্ৰা শৰ্মাৰ 'চৈতালী বৰষুণজাক' শীৰ্ষক তিনিওখন গ্ৰন্থ উন্মোচন কৰা হয়।

এই গ্ৰন্থ উন্মোচনী সভাত উন্মোচক তথা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা দন্ত চিকিৎসক ডাঃ ৰুবী কটকী, বিশিষ্ট লেখক তথা কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ ধ্ৰুৱজ্যোতি দাস আৰু বিশিষ্ট লেখক, সমালোচক জ্যোতি খাটনিয়াৰ। উল্লেখ্য যে, এই তিনিওখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে প্ৰজ্ঞা মিডিয়াহাইপে।