গুৱাহাটী

সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাসৰ উদ্যোগত বিশিষ্ট সংগীত পৰিচালক,গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে বৃহস্পতিবাৰে তেওঁৰ কাহিলীপাৰাস্থিত বাসগৃহত এখনি অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমাজকৰ্মী অনুৰূপা ডেকাৰজাই আঁত ধৰা অনুষ্ঠানটিত আৰম্ভণীতেই প্ৰয়াত শিল্পীগৰাকীক স্মৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা লগতে তেঁওৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি প্ৰদান কৰা হয়।

শিল্পীগৰাকীৰ জীৱন আৰু গীতৰ ওপৰত আলোকপাত কৰা এই অনুষ্ঠানটিত তেঁওৰ স্মৃতিত এখনি গ্ৰন্থ প্ৰকাশ কৰাৰ কথা ব্য়ক্ত কৰে শিল্পীগৰাকীৰ পত্নী তথা ন্যাসৰ অধ্যক্ষা মণিকা বেজবৰুৱাই। ইয়াৰ বাবে শিল্পীগৰাকীৰ সান্নিধ্যত থকা কোনো ব্যক্তিয়ে লেখা দিব বিচাৰে তেনেহ'লে ন্যাসৰ লগত যোগাযোগ কৰিবলৈ তেঁও অনুৰোধ জনায়।

উক্ত অনুষ্ঠানত কাহিলীপাৰাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি গজেন্দ্ৰ বৰদলৈ, উপদেষ্টা বিজয় চন্দ্ৰ গোস্বামী,সাংস্কৃতিক কৰ্মী প্ৰবীণ শৰ্মা, লেখিকা মীনা হাজৰিকা বৰা, সংগীত শিল্পী বিষ্ণু শৰ্মা, অৰ্চনা কৌশিক, নাট্যকাৰ ,পৰিচালক অশোক দাস আদিকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।