গুৱাহাটী

'বিৰোধী কণ্ঠ অখিল গগৈক বন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰক'- বুদ্ধিজীৱি, ৰাজনীতিক, সাংস্কৃতিক কৰ্মীৰ আহ্বান...

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে পুনৰ নিয়াৰ গোচৰ চলাৱোৰা যি চেষ্টা চলিছে সেই চেষ্টাক সমালোচনা কৰিছে বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজিৱী ড০ হীৰেন গোঁহাই, অপূৰ্ব কুমাৰ বৰুৱাকে প্ৰমুখ্যে কৰি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো ব্যক্তিয়ে। এই সন্দৰ্ভত প্ৰৰেণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অসম্পাদিত ৰূপত হুবহু আগবঢ়োৱা হ'ল।

বিৰোধী কণ্ঠ অখিল গগৈক বন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰক

প্ৰিয় অসমবাসী,

এক জটিল সময়ৰ মাজেৰে আমি আগবাঢ়িছো য'ত চৰকাৰৰ সমালোচনা কৰা লোকসকলৰ মুখ বন্ধ কৰাৰ নতুবা বন্দী কৰি ৰখাৰ অভিপ্ৰায় স্পষ্ট হৈ উঠিছে। মাননীয় উচ্চ ন্যায়ালয়ে এনকাউন্টাৰ নীতিৰ বাবে কঠোৰ সমালোচনাৰে চৰকাৰক সকিয়নি দিয়াৰ পাছতো আইনৰ শাসন সুদুৰ পৰাহত হৈ পৰিছে।

গণতন্ত্ৰত বিৰোধী দল আৰু কণ্ঠ চৰকাৰৰ সমানেই গুৰুত্বপূৰ্ণ। কিন্ত অসম বিধান সভাৰ অন্যতম বিৰোধী কণ্ঠ অখিল গগৈ ডাঙৰীয়াক আদালতে দোষমুক্ত কৰা অভিযোগত পুনৰ নিয়া আদালতত হাজিৰ হ'বলৈ দিয়া নিৰ্দেশ আমি সহজভাবে ল'ব পৰা নাই। শেহতীয়াকৈ কংগ্ৰেছ দলৰ মুখপাত্ৰ পৱন খেড়া ডাঙৰীয়াকো এক সামান্য কথাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰিছিল যদিও মাননীয় উচ্চতম ন্যায়লয়ৰ হস্তক্ষেপত সাময়িক সকাহ পাইছে । কিন্ত চৰকাৰক সমালোচনা কৰা লোকক জধে মধে গ্ৰেপ্তাৰ কৰাটো যদি চৰকাৰৰ নীতি হৈ পৰে তেন্তে কিমানক ন্যায়ালয়ে সকাহ দিবলৈ সক্ষম হ'ব?

আমি চৰকাৰৰ এনে গনতন্ত্ৰ বিৰোধী কাৰ্যত অতিশয় উদ্বিগ্ন হৈছো আৰু অখিল গগৈৰ ওপৰত কৰা ষড়যন্ত্ৰ বন্ধ কৰিবলৈ দাবী জনাইছো আৰু চৰকাৰৰ স্বৈৰতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ জনাবলৈ অসমবাসী ৰাইজৰ প্ৰতি আবেদন জনাইছো।

ভবদীয়

ড০ হীৰেন গোহাঁই

অজিত কুমাৰ ভূঞা

অধ্যাপক চন্দ্ৰ মোহন শৰ্মা

অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱা

অধ্যাপক আব্দুল মান্নান

ড০ মনোৰমা শৰ্মা

অধ্যাপক উদয়াদিত্য ভৰালী

দেবেন তামুলী

লোকনাথ গোস্বামী

ড০ সীতানাথ লহকৰ

বিবেক দাস

শান্তনু বৰঠাকুৰ

ড০ ইন্দ্ৰানী দত্ত

অনন্ত কলিতা

পংকজ কুমাৰ দাস

জিতুমণি বৰা

ড০ ঘনশ্যাম নাথ

ড০ পৰমা মজুমদাৰ

নৃপেন বৰুৱা

চাইফুৰ ৰহমান