প্ৰদূষণঃ GMCH ত বৃদ্ধি পাইছে শিশু ৰোগীৰ সংখ্যা, অপ্ৰয়োজনত বাহিৰলৈ নুলিয়াব আপোনাৰ শিশুক...
প্ৰদূষণঃ GMCH ত বৃদ্ধি পাইছে শিশু ৰোগীৰ সংখ্যা, অপ্ৰয়োজনত বাহিৰলৈ নুলিয়াব আপোনাৰ শিশুক... 
গুৱাহাটী

প্ৰদূষণঃ GMCH ত বৃদ্ধি পাইছে শিশু ৰোগীৰ সংখ্যা, অপ্ৰয়োজনত বাহিৰলৈ নুলিয়াব আপোনাৰ শিশুক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ। বিশুদ্ধ বায়ুৰ অভাৱত মহানগৰৰ বাসিন্দাৰ এতিয়া উশাহ ল'ব নোৱাৰা এক পৰিস্থিতিৰ সূচনা হৈছে। এনে পৰিস্থিতিত ৰোগীয়া লোকৰ কথাটো বাদেই সুস্থ, সৱল লোকৰেই স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছে।

বৃদ্ধি পাইছে কাহ, জ্বৰ, চৰ্দি, মূৰৰ বিষকে ধৰি বিভিন্ন ধৰণৰ ৰোগ। আনহাতে এই পৰিস্থিতিত শিশুৰ শাৰীৰিক অৱস্থালৈও আহিছে ভয়ানক বিপদ। কিয়নো গুৱাহাটীত এতিয়া দৈনিক বৃদ্ধি পাইছে শিশু নানান ধৰণৰ ৰোগৰ মাত্ৰা।

গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ শিশুৰ মাজত দেখা গৈছে এতিয়া শ্বাস, প্ৰশ্বাসজনিত ৰোগৰ সংখ্যা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ মতে যোৱা কেই সপ্তাহত গুৱাহাটীত শিশুৰ মাজত ব্ৰঙ্কিওলাইটিছ, নিউমোনিয়া আৰু হাপানীৰ দৰে বিভিন্ন শ্বাস-প্ৰস্বাসজনিত ৰোগে দেখা দিছে।

দৈনিক জি এম চি এইছলৈ এনে ৰোগত আক্ৰান্ত ১০ ৰ পৰা ১৫ টাকৈ শিশুক ভৰ্তি কৰোৱা হৈছে। এই সন্দৰ্ভত জি এম চি এইছৰ শিশু ৰোগ বিভাগৰ চিকিৎসক ডাঃ দিগন্ত বৰ্মনে আমাৰ আগত প্ৰকাশ কৰি কয় যে, যোৱা ২৪ ঘণ্টাত জি এম চি এইছত ৩৬ টাকৈ শিশু ভৰ্তি কৰোৱা হৈছে।

যাৰ ভিতৰত ২৫ টা শিশুৰে আছে ব্ৰঙ্কিওলাইটিছ. নিউমোনিয়া আৰু হাপানীৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগ। এই শিশুসকলক নেবুলাইজেচনৰ সৈতে তাৎক্ষণিক চিকিৎসা প্ৰদান কৰা হৈছে আৰু সকলোৱে অৱশ্যে আৰোগ্য লাভ কৰিছে।

এই শ্বাস, প্ৰশ্বাসজনিত ৰোগৰ সন্দৰ্ভত কয় যে, এই ৰোগ শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে অধিক অসুৰক্ষিত। মহানগৰীৰ প্ৰদূষিত বায়ুৱেই এই ৰোগৰ মূল কাৰণ।

ইফালে জি এম চি এইছৰ অধীক্ষক অভিজিত শৰ্মাই এই সন্দৰ্ভত কয় যে, অধিক প্ৰদূষণৰ বাবে শিশু আৰু বৃদ্ধ লোকসকলৰ দেহত তাৎক্ষণিক স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। সেয়েহে মানুহে মাস্ক পিন্ধাটো অতি প্ৰয়োজন হৈ পৰিছে।

শিশুসকলক তেওঁ ঘৰৰ ভিতৰতেই থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। অৱশ্যে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত শিশুৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি সচেতনা অৱলম্বন কৰিবলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে।

তেওঁ বিদ্যালয়ৰ খেলপথাৰত পানী দিয়া, শিশুক শ্ৰেণী কোঠাৰ বাহিৰলৈ যোৱাত বাধা দিয়া আদিৰ দৰে সতৰ্কতামূলক পদক্ষেপ অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

লগতে শ্বাস, প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত শিশুক তৎকালিন ভাৱে চিকিৎসকৰ কাষলৈ নিব লাগে বুলিও মন্তব্য কৰিছে। উল্লেখ্য যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ৰাষট্ৰীয় একিউআই বুলেটিন অনুসৰি মঙ্গলবাৰে গুৱাহাটীৰ বায়ুৰ মানদণ্ড হৈছে ২০৮।