গুৱাহাটী

ফূৰ্তি নকৰিবঃ দেশৰ ভিতৰত প্ৰথম, বিশ্বৰ ভিতৰত নৱম স্থানত গুৱাহাটী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ শীৰ্ষত গুৱাহাটী ! বিশ্বৰ ভিতৰত নৱম স্থানত অসমৰ একমাত্ৰ মহানগৰী। অৱশ্যে এয়া কোনো আনন্দৰ খবৰ নহয়। এয়া গুৱাহাটীবাসীৰ বাবে দুৰ্ভাগ্য আৰু চিন্তাৰহে বিষয়।

কিয়নো গুৱাহাটীৰ আকাশ ভৰি আছে এতিয়া কেৱল প্ৰদূষিত বায়ুৰে। আজিৰ দিনটোত দেশৰ উল্লেখনীয় চহৰসমূহৰ ভিতৰত আটাইতকৈ প্ৰদূষিত বায়ুৰ চহৰৰ তালিকাত গুৱাহাটী শীৰ্ষত।

আজিৰ দিনটোত গুৱাহাটীৰ এয়াৰ কুৱালিটি ইনডেক্স হৈছে ২১১। দ্বিতীয় স্থানত আছে নতুন দিল্লী। দিল্লীৰ এয়াৰ কুৱালিটি ইনডেক্স ২০৮। তৃতীয় স্থানত আছে দিছপুৰ। দিছপুৰৰ এয়াৰ কোৱালিটি ইনডেক্স ২০২।

আনহাতে এয়াৰ কুৱালিটি ইনডেক্সে প্ৰকাশ কৰা তালিকা অনুসৰি আজিৰ তাৰিখত আটাইতকৈ প্ৰদূষিত বায়ুৰ চহৰৰ তালিকাত বিশ্বৰ ভিতৰতে গুৱাহাটীৰ স্থান নৱম। দশম স্থানত আছে দিছপুৰ।

গুৱাহাটী মহানগৰৰ এনে ভয়াৱহ বায়ু প্ৰদূষণৰ পিছতো কিন্তু সাৰ পোৱা নাই ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড। এতিয়াও গ্ৰহণ কৰা নাই কোনো তাৎক্ষণিক সুৰক্ষামূলক ব্যৱস্থা। এই বিষয়ত চৰকাৰৰো নাই বিশেষ গুৰুত্ব।

গুৱাহাটীৰ কেউফালে এতিয়া চলিছে কেৱল নিৰ্মাণ কাৰ্য। ক'ৰবাত যদিও উৰণীয়া সেতু আন ক'ৰবাত পথ। সমগ্ৰ গুৱাহাটীৰ মাজ মজিয়াত আকৌ নিৰ্মাণ হৈ আছে সুউচ্চ অট্টালিকা। এই নিৰ্মাণকাৰ্যই বায়ু প্ৰদূষণত অধিক প্ৰভাৱ পেলাইছে।

গুৱাহাটীত দিনক দিনে বৃদ্ধি পাইছে যান-বাহনৰো চলাচল। অফিচ, কাছাৰিলৈ অহা প্ৰায় প্ৰতিজন ব্যক্তিয়েই আহে নিজৰ বাহনত। দিনটোত গুৱাহাটীৰ ৰাজপথত চলে হাজাৰ হাজাৰ কেব। ব্যক্তিগত প্ৰতিষ্ঠানকে ধৰি, চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীলৈ সকলোৱে ব্যৱহাৰ কৰে ব্যক্তিগত বাহন।

বাছ, অটো, সামগ্ৰী কঢ়িওৱা বাহন, ট্ৰাক আদিটো আছেই। ইফালে গুৱাহাটীৰ কাষে কাষে বৃদ্ধি পাইছে উদ্যোগৰ সংখ্যাও। এনে প্ৰেক্ষাপটত গুৱাহাটীৰ বায়ু প্ৰদূষণ যে আগন্তুক সময়ত সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু অধিক বৃদ্ধি পাব সেয়া নিশ্চিত।

চৰকাৰ তথা সংশ্লিষ্ট বিভাগে গুৱাহাটীবাসীৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি যান, বাহনৰ চলাচলত কিছু বাধ্যবাধকতা, প্ৰয়োজন সাপেক্ষা ব্যক্তিগত বাহনৰ চলাচল হ্ৰাস কৰি বাছেৰে কাৰ্যালয়লৈ কৰ্মচাৰীৰ অহা, যোৱা কৰা, পুৰণি বাহনৰ চলাচলত তাৎক্ষণিক নিষেধাজ্ঞা আৰোপ কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাটো অতি জৰুৰী।

উৰণীয়া সেতু, অট্টালিকা নিৰ্মাণস্থলীত পানী মাৰি ধুলি, বালি শুকুৱাই ৰখাৰ ব্যৱস্থা কৰাটোও জৰুৰী। উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বায়ু প্ৰদূষণৰ দিশটোক গুৰুত্ব প্ৰদান কৰাটো উচিত।

অতি শীঘ্ৰেই যদি এনেধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰে তেনে গুৱাহাটী যে বসবাসৰ উপযোগী চহৰ হৈ নাথাকিব সেয়া নিশ্চিত। ইফালে ভয়াবহ বায়ু প্ৰদূষণৰ এনে পৰিস্থিতিত গুৱাহাটীত বৃদ্ধি পাইছে শ্বাস, প্ৰশ্বাসজনিত ৰোগীৰ সংখ্যা।

কালিৰ দিনটোত জি এম চি এইছত ২৫ টা শিশু এনে ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। জ্যেষ্ঠ, ৰোগীয়া লোকৰ সংখ্যাও অধিক। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, গুৱাহাটীৰ বাহিৰলৈ আহি মুকলি উশাহ ল'ব নোৱাৰা এক পৰিৱেশ। এই পৰিস্থিতিৰ পৰা শীঘ্ৰেই গুৱাহাটীবাসীক মুক্ত নকৰিলে ভয়াবহ বিপদে যে গুৱাহাটীৰ লগ নেৰিব সেয়া নিশ্চিত।