গুৱাহাটী

জামিন নাকচৰ পিছতেই চি. এম ভিজিলেন্সৰ কাৰ্যালয়ত হাজিৰ ACS শৰ্মিষ্ঠা বৰা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জামিন আবেদন নাকচ নিলম্বিত ACS বিষয়াৰ ৷ সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ গোচৰত অভিয়ুক্ত চাৰি ACS বিষয়া । অন্তৱৰ্তীকালিন জামিন নাকচৰ পিচতেই মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হৈছে বিষয়া ACS বিষয়া শৰ্মিষ্ঠা বৰা

ACS বিষয়া শৰ্মিষ্ঠা বৰাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি দিনজোৰা জেৰাৰ অন্তত যাবলৈ দিয়ে ৷ শুকুৰবাৰে পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ বিষয়াগৰাকীক ৷

সাংসদ পুঁজি কেলেংকাৰীৰ তদন্ত আৰম্ভ হোৱাৰ পিছতেই দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে বিষয়াকেইগৰাকীয়ে ৷ বিষয়াকেইগৰাকীয়ে তেওঁলোকৰ চহী জাল কৰি চহী কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৷

চহী জাল কৰাৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে চাৰি গৰাকী বিষয়াৰ চহী প্ৰেৰণ কৰিব এফএছএললৈ ৷

পৰৱৰ্তী সময়ত এফএছএলৰ ৰিপৰ্টতহে উন্মোচিত হ’ব প্ৰকৃততে ACS বিষয়াকেইগৰাকীৰ চহী জাল কৰা হৈছিল নে আত্মৰক্ষাৰ পক্ষত ৰুজু কৰিছে চহী জালৰ গোচৰ ব্ষয়াকেইগৰাকীয়ে ৷

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত পোহৰলৈ আহিছিল অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী ।

ইয়াৰ পিছতেই আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্ত । তদাৰকী কোষৰ তদন্তত পোহৰলৈ আহিছিল ১৪জন বিষয়াৰ নাম ৷

এইসকলৰ মাজত চাৰি জনকৈ ACS বিষয়াৰ নামো সাঙোৰ খাইছিল । অভিযুক্ত চাৰি বিষয়া হৈছে ACS শৰ্মিষ্ঠা বৰা, হেমন্ত দত্ত, মুনিন বৰদলৈ, সুকন্যা বৰা ৷