প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো 
গুৱাহাটী

পৱিত্ৰ বৰদিন উপলক্ষে 'আপ'ৰ শুভেচ্ছা

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : কাইলৈ ২৫ ডিচেম্বৰ,পবিত্ৰ বৰদিন। সমগ্ৰ ৰাজ্যজুৰি খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে অতি উলাহ-মালহেৰে পালন কৰিব বৰদিন। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত আলোকসজ্জাৰে সজ্জিত কৰি বৰদিনৰ প্ৰস্তুতি চলাইছে।

পবিত্র বৰদিন উপলক্ষে আম আদমি পার্টীয়ে এক বিজ্ঞপ্তিযোগে খ্রীষ্টান ধর্মালম্বী জনসাধাৰণৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছা বার্তাত আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে প্রভু যীশুৰ মানৱতাৰ বাণীয়ে সকলোকে ঐক্যবদ্ধভাৱে জীৱনৰ বাটত আগুবাই যোৱাৰ বাবে প্ৰেৰণা যোগাই আহিছে বুলি উল্লেখ কৰে।