আপৰ সংবাদমেল
আপৰ সংবাদমেল 
গুৱাহাটী

ম’হ ছিণ্ডিকেটৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আপ অসমৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত চলি থকা মহ ছিণ্ডিকেট সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটিস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন আপ অসমৰ । আপ অসমৰ উপ-সভাপতি জিতুল ডেকাই এই সংবাদমেলত ম’হ সৰবৰাহ তথা ছিণ্ডিকেট সম্পৰ্কত কেতবোৰ চাঞ্চল্যকৰ তথ্য দাঙি ধৰে ।

লগতে তেওঁ কয় যে আছাম কেটল পিজাৰভেচন এমেণ্ডমেন্ট এক্ট ২০২১ বলবৎ হোৱাৰ পিছৰে পৰা বৰ্তমানলৈ বহিঃৰাজ্যৰ পৰা অসমৰ মাজেৰে হাজাৰ হাজাৰ ম’হ বাংলাদেশলৈ চালান দিয়া হৈছে ।

গো-সুৰক্ষা আইন বলবৎ হোৱাৰ পিছৰে পৰা বিভিন্ন প্ৰতিষ্ঠান, ফাৰ্মৰ নামত ছিণ্ডিকেট চক্ৰই অসমলৈ ম’হৰ সৰবৰাহ কৰি ম’হবোৰ বাংলাদেশলৈ চালান দিছে।

বৈধ নথি পত্ৰ প্ৰস্তুত কৰি চক্ৰটোৱে অসমৰ বিভিন্ন জিলালৈ কৃষিকাৰ্য কৰা, দুগ্ধ উৎপাদন বা ফাৰ্ম খোলাৰ নামত বহিঃৰাজ্যৰ পৰা অসমলৈ ট্ৰাক আৰু ৰে’লযোগে ম’হ সৰবৰাহত নামি পৰিছে ।

কিন্তু অসমলৈ সৰবৰাহ কৰা এই ম’হবোৰ প্ৰকৃততে অসমত আছেনে? যদি আছে এই ম’হবোৰ কি কাৰ্যত ব্যৱহাৰ কৰা হৈছে, সেয়া নিৰীক্ষণ কৰাৰ কোনো ব্যৱস্থা নাই চৰকাৰৰ ।

সহজ ভাষাত কবলৈ গ’লে এয়াও ম’হ ছিণ্ডিকেটৰ অংশ । অসমত প্ৰৱেশ কৰোৱাৰ পিছত ম’হবোৰ যে বাংলাদেশলৈ চালান দিয়া হয়, সেয়া চৰকাৰী পক্ষই জানে ।

গতিকে ম’হৰ জাকবোৰ অসমৰ চাৰিসীমাত প্ৰৱেশ কৰোৱাৰ পিছত মেঘালয় হৈ বাংলাদেশলৈ চালান দিয়াৰ পথ মোকলাই দিয়া হয় ।

বাংলাদেশলৈ চালান দিবলৈ অনাৰ বাবে ম’হৰ সৰবৰাহ কৰা চক্ৰটোৱে শ্ৰীৰামপুৰত ছিণ্ডিকেট চক্ৰক ৪-৪.৫ লাখকৈ টকা আদায় দি আছে বুলিও আজিৰ সংবাদমেলত মন্তব্য প্ৰদান কৰে । অসমত গো-সুৰক্ষা আইন আছে, তাৰ বাবে গো বধ আৰু সৰবৰাহ বন্ধ আছে ।

গৰু যি দৰে জীৱ, ম’হবোৰো জীৱ । অথচ গৰুৰ সুৰক্ষা আছে, কিন্তু ম’হৰ সুৰক্ষা নাই, এইটো কেনে কথা? বুলিও প্ৰশ্ন উত্থাপন কৰে আজিৰ সংবাদমেলত ।

মুখ্যমন্ত্ৰীয়ে কৈছে ম’হ অনাত বাধা নাই । ছিণ্ডিকেট তেওঁ নজৰো দিয়া নাই । এই কথাই ম’হৰ চোৰাং ব্যৱসায় কৰা, চিণ্ডিকেট .চলোৱাসকলক উৎসাহিত কৰিছে ।

তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে এই অভিযোগ সন্দৰ্ভত তদন্তহে কৰাৰ নিৰ্দেশ দিব লাগিছিল । হাগ্ৰামা মহিলাৰীয়ে ছিণ্ডেকেটৰ ধন সংগ্ৰহ কৰা ব্যক্তিৰ নাম সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ।

এজন জন প্ৰতিনিধিয়ে স্পষ্টকৈ এনে অভিযোগ অনাৰ পাছতো কিয় আজিলৈ তদন্ত ঘোষণা হোৱা নাই, সেইখন চৰকাৰে ইমান ডাঙৰ অভিযোগ অনাৰ পাছোতো কিয় এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

সততে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে মিছা অভিযোগত চিবিআই তদন্ত দিয়া বিজেপি চৰকাৰে এই ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব চিবিআইক নিদিয়ে কিয়? দুৰ্নীতিৰ কথা শুনিলে মুখ্যমন্ত্ৰীয়ে নিজে ৰাইজক অৱগত কৰিবলৈ আহ্বান জনাইছিল ।

এতিয়া ৰাজহুৱাকৈ ম’হ ছিণ্ডিকেটৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো মুখ্যমন্ত্ৰী কিয় নীৰৱে আছে বুলি সংবাদ মেলত আপ,এসমে প্ৰশ্ন কৰে । আজিৰ সংবাদমেল খনিত আপৰ উপ সভাপতি কমল কুনাৰ মেধি আৰু ৰাজ্যিক মেডিয়া সমন্বয়ক জয়ন্ত কলিতাও উপস্থিত থাকে ।