কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন
কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন 
গুৱাহাটী

কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়ৰ সহযোগত শনিবাৰে অনুষ্ঠিত হয় এক আলোচনা চক্ৰ। অনুষ্ঠানত ভাগ লয় অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া,মুখ্য অতিথি হিচাপে উপস্থিত থাকে ড° অমৰজ্যোতি চৌধুৰী। দীক্ষিতা পাঠকে আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰমোদ ডেকাই ৷

আনহাতে আলোচনা চক্ৰখনিৰ অনুষ্ঠানত সভাপতিৰ আসন শুৱনি কৰে ড০ শইকীয়াই। সভাপতিৰ ভাষণত ড০ শইকীয়াই কয় "লিপিৰ বৈজ্ঞানিক অধ্যয়ন আমাৰ স্বাভিমানৰ বিষয় ৷ প্ৰাচীন শিলালিপি, তাম্ৰলিপি, মূৰ্তি, সাঁচিপাত, আদিৰ ভিত্তিত কেনেদৰে অসমীয়া লিপি ক্ৰম বিৱৰ্তনৰ মূৰকত আজিৰ আকৃতি লৈছে সেই সন্দৰ্ভত বিশ্লেষণৰ বৰ প্ৰয়োজন হৈ পৰিছে ৷" ভাষণ প্ৰসংগত ড° শইকীয়াই কয় যে বিভিন্ন স্থানত আৱিস্কৃত মহাস্থানগড়, উমাচললিপি, আদিৰ দ্বাৰা এই কথা প্ৰতিপন্ন হয় যে অসমীয়া ভাৰতৰ অন্যতম প্ৰাচীন লিপি ৷

অনুষ্ঠানত ত্ৰিদীপ ভাগৱতী, ঋতুৰাজ আদিৰ লগতে কেবাগৰাকী লিপি বিশেষজ্ঞই ভাষণ আগবঢ়ায় ৷ আজিৰ অনুষ্ঠানতে অশোক শৰ্মাই পৰিচালনা কৰা ’অসমীয়া লিপিৰ ক্ৰমবিকাশ’ শীৰ্ষক তথ্যচিত্ৰ এখন মুকলি কৰা হয় ৷ এই তথ্য চিত্ৰই ইউনিকোডত অসমীয়া লিপিৰ স্বতন্ত্ৰ স্থানত প্ৰতিষ্ঠা কৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে৷ অসম সাহিত্য সভাই প্ৰথম বাৰৰ বাবে অসমীয়া লিপিৰ প্ৰাচীনতা সম্পৰ্কত এক সম্যক ধাৰণা দিবলৈ সক্ষম হৈছে বুলি সভাই জনায় ৷