গুৱাহাটী

হোমেন বৰগোহাঞিৰ উপন্যাসৰ আধাৰত মঞ্চস্থ হ'ব 'অস্তৰাগ'

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশিষ্ট সাংবাদিক,কথা সাহিত্যিক হোমেন বৰগোহাঞিৰ উপন্যাস তথা ডা০ ৰিপুন বৰপূজাৰীৰ নাট্যৰূপ 'অস্তৰাগ' নাটকখন মঞ্চস্থ কৰাৰ বাবে আয়োজন কৰা হৈছে। 'নাট কথা'ই নিবেদন কৰিব লগা নাটকখনৰ পৰিচালনা আৰু পৰিকল্পনা মানিক আহমেদৰ।

অহা ৩১ আগষ্টত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত নাটকখন মঞ্চস্থ কৰাৰ বাবে দিহা কৰা হৈছে। উদ্যোক্তাই জনোৱা মতে নাটকখনৰ বাবে দুটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।

৩১ আগষ্টৰ সন্ধিয়া ৪-০০ বজাত প্ৰথম দৰ্শনী আৰু ৭-০০ বজাত দ্বিতীয় দৰ্শনী দৰ্শক-ৰাইজে উপভোগ কৰিব পাৰিব। অস্তৰাগ নাটকখনৰ সংগীত প্ৰতাপ শৰ্মাৰ,পোহৰ দিলীপ গগৈৰ আৰু কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদৰ।

সংগীত শিল্পী ৰূপম ভূঞাই কণ্ঠদান কৰা নাটকখনত অভিনয় কৰিব-দেৱজিৎ মজুমদাৰ, ড০ মুনীন দাস,দেৱজিৎ হাজৰিকা,ডা০ মীৰনন্দা বৰঠাকুৰ,পংখী কাশ্যপকে ধৰি ভালেকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব। উল্লেখযোগ্য যে, অস্তৰাগ নাটকখনৰ আঁৰত থকা ব্যক্তিসকল হৈছে- ড০ সঞ্জীৱ কুমাৰ শৰ্মা,দেৱজিৎ বৰা,জিন্তু বৰদলৈ,দ্বীপ,মুকুট আৰু সঞ্জয়।

পৰিচালক মানিক আহমেদে জানিবলৈ দিয়া অনুসৰি,কথা সাহিত্যিক হোমেন বৰগোহাঞিৰ কালজয়ী উপন্যাস অস্তৰাগৰ নাট্যৰূপ দি সঠিকভাৱে মঞ্চত উপস্থাপন কৰাটো এক কঠিন প্ৰয়াস বুলি অনুভৱ কৰে।