গুৱাহাটী

৯৫ সংখ্যক 'কটনিয়ান'ৰ উন্মোচন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী ৯৫ সংখ্যক 'কটনিয়ান'ৰ (২০২১-২২বৰ্ষ) আজি শুভ উন্মোচন কৰা হয়। সেই উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক , ছাত্ৰ কল্যাণ সঞ্চালক প্ৰমুখ্যে বিশ্ববিদ্যালয় পৰিয়ালৰ অধ্যাপক-অধ্যাপিকাবৃন্দ, ছাত্ৰ ছাত্ৰী তথা বিশিষ্ট অতিথি সকলৰ উপস্থিতিত প্ৰতিথযশা সাহিত্যিক, কবি হৰেকৃষ্ণ ডেকাই 'কটনিয়ান' আলোচনীৰ উন্মোচন কৰে।

আদৰণি ভাষণত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্ৰ ডেকাই 'কটনিয়ান'ৰ উন্মোচনী ক্ষণটি অতিকে স্মৰণীয় বুলি অভিহিত কৰ । উন্মোচকৰ বক্তব্য দাঙি ধৰি হৰেকৃষ্ণ ডেকাই কয় যে, "দৰাচলতে 'কটনিয়ান'-এ শতিকাজোৰা যাত্ৰাত 'জয়ন্তী' আলোচনীৰ দৰে একোটা সাহিত্যিক যুগৰ সূচনাত অৰিহণা যোগাই আহিছে।" তেওঁ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ কথাও স্মৰণ কৰে ।

অনুষ্ঠানটিত মূখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক-সমালোচক পৰী হিলৈদাৰীয়ে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীয়ে সন্মুখীন হৈ অহা সীমাবদ্ধতাৰ ওপৰত মত প্ৰকাশ কৰে। তদুপৰি তেওঁ 'কটনিয়ান'ক লৈ গৱেষণাৰ সম্ভাৱনীয়তাৰ কথাও উল্লেখ কৰে। 'কটনিয়ান'ৰ সম্পাদক শাশ্বতী প্ৰিয়দৰ্শিনীয়ে কয় যে, সম্পাদকৰ দৰে গধূৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আৰু শিক্ষণ অভিজ্ঞতাৰ সমল আছিল।

উল্লেখ্য যে, ড° কাকলি গগৈ আৰু ড° কল্পনা বৰাৰ তত্ত্বাৱধানত প্ৰকাশিত এই ৯৫ সংখ্যক 'কটনিয়ান'ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক কবি নীলিম কুমাৰ, কলা সমালোচক অংকুৰ ডেকা, বিশিষ্ট গল্পকাৰ মণিকা দেৱী, সাংবাদিক নিভা ৰাণী ৰয়, বিকুল শইকীয়া, মনালিছা শইকীয়া আদিকে ধৰি সুধীবৃন্দ। অনুষ্ঠানৰ আঁত ধৰে দৃষ্টিৰীমা বৰা আৰু সব্যসাচী দাসে।