সৰস্বতী পূজাৰ নিশা ভয়ংকৰ ঘটনা ! ১০ যুৱকে ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ গ'ল যুৱতীক...
সৰস্বতী পূজাৰ নিশা ভয়ংকৰ ঘটনা ! ১০ যুৱকে ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ গ'ল যুৱতীক...  
গুৱাহাটী

সৰস্বতী পূজাৰ নিশা ভয়ংকৰ ঘটনা ! ১০ যুৱকে ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ গ'ল যুৱতীক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা। সৰস্বতী পূজাৰ নিশাই মহানগৰীত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে এটা ১০ জনীয়া যুৱকৰ দলে সংঘটিত কৰিছে এই ঘটনা। মহানগৰীৰ বশিষ্ঠৰ ইন্দিৰা নগৰত উদ্ধাৰ হৈছে ধৰ্ষিতা যুৱতীগৰাকীক।

উল্লেখ্য সৰস্বতী পূজাৰ দিনাই গোৰেশ্বৰৰ হাতীবন্ধাৰ পৰা যুৱকৰ দলটোৱে এগৰাকী যুৱতীক অপহৰণ কৰে। পৰৱৰ্তী সময়ত নিচাযুক্ত টেবলেট খুৱাই ধৰ্ষিতা যুৱতীগৰাকীক বশিষ্ঠৰ ইন্দিৰা নগৰ পথত পেলাই থৈ যায়।

পৰৱৰ্তী সময়ত স্থানীয় লোকে উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে।