বিনোদন

হত্যাৰ ভাবুকিঃ অভিনেতা শ্বাহৰুখ খানলৈ ৱাই প্লাছ সুৰক্ষা মহাৰাষ্ট্ৰ চৰকাৰৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাদশ্বাহ শ্বাহৰুখ খানক প্ৰদান কৰা হৈছে ৱাই প্লাছ নিৰাপত্তা। অভিনেতাগৰাকীয়ে কৰা অভিযোগ অনুসৰি ছবি পাঠান আৰু জাৱানৰ সফলতাৰ পাছত তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰিছিল। যাৰ বাবে তেওঁক মুম্বাই আৰক্ষীয়ে ৱাই প্লাছ নিৰাপত্তা প্ৰদান কৰিব।

ৱাই প্লাছ নিৰাপত্তাৰ অধীনত খানৰ সৈতে ২৪ ঘণ্টাই ৬জন সশস্ত্ৰ সুৰক্ষাকৰ্মী থাকিব। ইয়াৰ পূৰ্বে অভিনেতাগৰাকীৰ লগত দুজন সশস্ত্ৰ সুৰক্ষাকৰ্মী আছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি অভিনেতাগৰাকীয়ে কিছুদিন পূৰ্বে তেওঁ লাভ কৰা মৃত্যুৰ ভাবুকি সন্দৰ্ভত মহাৰাষ্ট্ৰৰ চৰকাৰলৈ চিঠি লিখি জনাইছিল । ইয়াৰ বাবে অভিনেতাগৰাকীক ৱাই প্লাছ সুৰক্ষা দিয়াৰ সিদ্ধান্ত লয় মহাৰাষ্ট্ৰ চৰকাৰে।

মহাৰাষ্ট্ৰ চৰকাৰৰ নীতি অনুসৰি কোনো ব্যক্তিৰ জীৱনৰ প্ৰতি ভাবুকি আহিলে সেই নাগৰিক গৰাকীক এনেধৰণৰ সুৰক্ষা প্ৰদান কৰা হয়। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে মাচুল পৰিশোধ কৰিব লাগিব।