Tiger-3
Tiger-3 
বিনোদন

Tiger-3: ‘টাইগাৰ ৩’ত পুনৰ একেলগে 'লভ' যুটী

Asomiya Pratidin

ডিজিটেল ডেস্ক: ছলমান আৰু চৰ্চা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠিহে।ব্যতিক্ৰমী ব্যক্তিত্ব তথা কামবোৰৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান।সম্প্ৰতি ছলমান চৰ্চাত আছে তেওঁৰ বহু প্ৰত্যাশিত ছিকুৱেল ছবি ‘টাইগাৰ ৩’ৰ বাবে।এই ছবিখনত ছলমানৰ লগতে অভিনয় কৰিব তেওঁৰ একালৰ সহ অভিনেত্ৰী ৰেৱতীয়ে।হয়, ‘বিগ বছ ১৬’ ৰ মঞ্চত এই বিষয়ে নিজেই জনালে ছলমান খানে।

শেহতীয়াকৈ সম্পচাৰিত এটা খণ্ডত ছলমানে এই বিষয়ে জনোৱাৰ পাছৰ পৰাই অনুৰাগীৰ মাজত বেছ চৰ্চাত আছে ছলমান আৰু ৰেৱতী।আচলতে, মুক্তিৰ অপেক্ষাত থকা ছবি ‘ছালাম ভেঙ্কী’ৰ প্ৰচাৰৰ বাবে ছলমান খানৰ শ্ব’ ‘বিগ বছ’ৰ মঞ্চলৈ আহিছিল ছবিখনৰ তাৰকা কাজল আৰু পৰিচালক ৰেৱতী। ‘ছালাম ভেঙ্কী’ৰ প্ৰচাৰৰ মাজতেই ‘টাইগাৰ ৩’ত দুয়োকে দৰ্শকে পুনৰ একেলগে দেখিবলৈ পোৱাৰ বিষয়ে ৰাজহুৱা কৰিলে ছলমান খানে।

উল্লেখ্য, ১৯৯১ চনত মুক্তিপ্ৰাপ্ত ৰোমাণ্টিক ছবি ‘লভ’ত যুটী বান্ধিছিল ছলমান খান আৰু ৰেৱতীয়ে। টেলেগু ছবি ‘প্ৰেমা’ৰ আধাৰত নিৰ্মিত সফল ছবি ‘লভ’ৰ কাহিনী আৰু পৰিচালনা আছিল সুৰেশ কৃষ্ণাৰ।এই ছবিখনৰ ‘সাথিয়া, য়ে টুনে ক্যা কিয়া’ শীৰ্ষক গীতটো হয়তো নুশুনা শ্ৰোতা আজিৰ তাৰিখত নোলাব।

ইফালে, ছলমান আৰু ৰেৱতীক ‘টাইগাৰ ৩’ত একেলগে দেখা যাব যদিও যদিও ইজনে সিজনৰ বিপৰীতে নহয়। ৰেৱতীয়ে ‘টাইগাৰ ৩’ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ৰেৱতীৰ চৰিত্ৰটোৰ নাম ‘শ্বেনয়’, যিয়ে ছলমানৰ কেৰিয়াৰৰ সকলো পৰামৰ্শ প্ৰদান কৰে।বহু চৰ্চিত এই ছিকুৱেল ছবিখনত ছলমানৰ বিপৰীতে অভিনয় কৰিছে কেটৰিনা কাইফে।

‘টাইগাৰ ৩’ আগন্তুক বৰ্ষৰ ঈদত মুক্তি পোৱাৰ কথা আছিল যদিও ছবিখনৰ মুক্তি একেটা বৰ্ষৰে দেৱালীলৈ পিছুৱাই দিয়া হৈছে। এই বিষয়ে ছলমান খানে ছ’ছিয়েল মেডিয়াৰ এটা ‘প’ষ্ট’ৰ জৰিয়তে ইতিমধ্যেই অনুৰাগীক জানিবলৈ দিছে। ‘প’ষ্ট’টোত ছলমানে লগতে জানিবলৈ দিয়া মতে ‘টাইগাৰ ৩’ছবিখনে  হিন্দীৰ লগতে তামিল আৰু তেলেগু ভাষাতো মুক্তি লাভ কৰিব।