সকলো বাধা আঁতৰিলঃ আজি ছবিগৃহলৈ আহিব 'শ্ৰীৰঘুপতি'...
সকলো বাধা আঁতৰিলঃ আজি ছবিগৃহলৈ আহিব 'শ্ৰীৰঘুপতি'...  
বিনোদন

সকলো বাধা আঁতৰিলঃ আজি ছবি গৃহলৈ আহিব 'শ্ৰী ৰঘুপতি'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত জটিলতা আঁতৰিল। আজি ছবি গৃহলৈ আহিব ৰবি শৰ্মাৰ 'শ্ৰীৰঘুপতি'। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিষ্পত্তি কৰিলে গোচৰ। উল্লেখ্য যে, ২ জুনত মুক্তি পাবলগীয়া শ্ৰীৰঘুপতি চিনেমাখনক ১ জুন তাৰিখে কামৰূপ নিম্ন আদালতে মুক্তিত বাধা প্ৰদান কৰিছিল।

ধৃতিমান শৰ্মা নামৰ এজন যুৱকৰ আৱেদনৰ ভিত্তিতে এই ৰায় প্ৰদান কৰিছিল ন্যায়ালয়ে। নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে ৫ জুন, সোমবাৰে শ্ৰীৰঘুপতিৰ প্ৰযোজকে আৱেদন দাখিল কৰে আৰু গুৱাহাটী উচ্চ ন্যায়লয়ে নিম্ন আদালতৰ পূৰ্বৰ ৰায় খাৰিজ কৰি চিনেমাখনক ছবিগৃহত মুক্তিৰ অনুমতি প্ৰদান কৰে।

কেৱল সেয়াই নহয়, উচ্চ ন্যায়ালয়ে সমগ্ৰ গোচৰটোৱেই নিষ্পত্তি কৰিলে। উল্লেখ্য যে, জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহু চৰ্চিত অসমীয়া চিনেমা 'শ্ৰী ৰঘুপতি'ক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা। ১ জুন বৃহস্পতিবাৰে কামৰূপ জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে চিনেমাখনৰ মুক্তিত বাধা প্ৰদান কৰাই নহয় অনিৰ্দিষ্ট কাললৈ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল।

ধৃতিমান শৰ্মা নামৰ এজন যুৱকৰ আৱেদনৰ ভিত্তিত এই ৰায় প্ৰদান কৰিছিল ন্যায়ালয়ে। অভিযোগ অনুসৰি এই চিনেমাখন 'ল'কাছ ক্ৰিয়েটিভ প্ৰডাকচন'ৰ বেনাৰত নিৰ্মাণ কৰাৰ কথা আছিল। ইয়াৰ বাবে প্ৰযোজক ধৃতিমান শৰ্মাই অগ্ৰীম ধনো প্ৰদান কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত এই চিনেমাখন ময়ূৰাক্ষী শৰ্মাৰ প্ৰযোজনাত 'মণিৰত্ন এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত নিৰ্মাণ কৰা হয় আৰু মুক্তিৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰে। এই ক্ষেত্ৰত ৰবি শৰ্মাই পূৰ্বৰ প্ৰযোজকৰ সৈতে হোৱা চুক্তি ভংগ কৰাৰ কথাও উল্লেখ কৰিছিল।

এই অভিযোগৰ পাছতে ন্যায়ালয়ে ১ জুন, বৃহস্পতিবাৰে চিনেমাখনৰ প্ৰদৰ্শনিত বাধা প্ৰদান কৰে। এই সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই কৈছিল, চিনেমাখনৰ মালিকিস্বত্বৰ ওপৰত বিতৰ্ক হোৱাৰ কোনো প্ৰয়োজন নাই ৷ এই বিতৰ্কৰ প্ৰধান উদ্দেশ্য হৈছে আমাক সমস্যাত পেলোৱা।

চিনেমাখনৰ মুক্তিৰ পূৰ্বে সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতিৰ ফলত যদি ছবিখনৰ ক্ষতি হয় তেন্তে ইয়াৰ ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছিল অভিনেতাগৰাকীয়ে।