ফেচবুক, ইউটিউবত কোনে আপলোড কৰিছে 'শ্ৰী ৰঘুপতি'ৰ দৃশ্য? যাব লাগিব জে'ললৈ...
ফেচবুক, ইউটিউবত কোনে আপলোড কৰিছে 'শ্ৰী ৰঘুপতি'ৰ দৃশ্য? যাব লাগিব জে'ললৈ... 
বিনোদন

ফেচবুক, ইউটিউবত কোনে আপলোড কৰিছে 'শ্ৰী ৰঘুপতি'ৰ দৃশ্য? যাব লাগিব জে'ললৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বহু বিতৰ্কৰ মাজতে ছবি গৃহত পূৰ্ণোদ্যমে চলি থকা ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি'লৈ পুনৰ আহিছে আন এক ভাবুকি। একাংশ লোকে ছবি গৃহৰ পৰা চিনেমাখনৰ দৃশ্য মোবাইলত আৱদ্ধ কৰি আনি আপলোড কৰিছে ফেচবুক, ইউটিউবত।

চিনেমাখনৰ পৰিচালকগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰিছে। পৰিচালক সুব্ৰত কাকতিয়ে কৰা অভিযোগ অনুসৰি একাংশ লোকে উদ্দেশ্য প্ৰণোদিত ভাৱেই হওক বা অত্যুৎসাহতেই হওক চিনেমাখনৰ ১৫ মিনিট পৰ্যন্ত দীঘলীয়া ক্লিপ ৰেকৰ্ডিং কৰি আনি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে।

তেনে ১৪/১৫ মিনিটৰ ক্লিপ বোৰেই আকৌ খণ্ড-১, খণ্ড-২ কৈ ইউটিউবত আপলোড কৰিছে এইসকল লোকে। অসমীয়া চিনেমাৰ দুৰ্যোগৰ সময়তে প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিনেমাখন হলত গৈ ৰেকৰ্ডিং কৰি আনি এইদৰে আপলোড কৰা বিষয়টোক সহজ ভাৱে লোৱা নাই চিনেমাখনৰ কৰ্তৃপক্ষই।

সেয়ে তেওঁলোকে এই বিষয়টো আইনৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত লৈছে। পৰিচালকগৰাকীয়ে জনোৱা অনুসৰি এই গুৰুতৰ অভিযোগত ২/৩ জন লোকক হয়তো গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।

আনহাতে তেওঁ যিসমূহ লোকে এই কৰ্ম কৰিছে তেওঁলোকক অতি শীঘ্ৰেই ৰেকৰ্ডিং কৰি অনা দৃশ্যসমূহ সামাজিক মাধ্যমৰ পৰা ডিলিট কৰিবলৈও আহ্বান জনাইছে। অৱশ্যে চিনেমাখনলৈ আগবঢ়োৱা অভূতপূৰ্ব সহাৰিৰ বাবে তেওঁ অসমৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছে।