বিনোদন

আৰক্ষী বাহিনীত যোগ দিলে দীপিকাই

Asomiya Pratidin

ডিজিটেল ডেস্ক: বলীউডৰ ‘ডিম্পল গাৰ্ল’ দীপিকা পাডুকনে শেহতীয়াকৈ যোগদান কৰিছে আৰক্ষী বাহিনীত।পিছে ‘বি টাউন’ৰ অন্যতম সফল পৰিচালক ৰোহিত ছেট্টীৰ আৰক্ষী বাহিনীতহে দৰ্শকে নতুন ৰূপত দেখিবলৈ পাব দীপিকাক।হয়, আৰক্ষীক কেন্দ্ৰ কৰি নিৰ্মিত জনপ্ৰিয় বলীউড ছবি ‘সিংঘম’ৰ ছিকুৱেল ‘ছিংঘম এগেইন’ত দৰ্শকে এইগৰাকী অভিনেত্ৰীক আৰক্ষীৰ ৰূপত দেখিবলৈ পাব।

প্ৰতিখন ছবিতে ভিন্ন ভিন্ন চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰা দীপিকা এইবাৰ হ’ব ‘লেডী সিংঘম’।এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পাছতে সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।বহু অনুৰাগীয়ে দীপিকাৰ এই নতুন ৰূপ চাবলৈ অতি উৎসুক হোৱাৰ বিপৰীতে আন একাংশই আকৌ দীপিকাৰ বিপৰীতে তেওঁৰ স্বামী ৰণবীৰ সিঙক দেখিবলৈ পাব বুলি মনত আশা পুহিছে।

'সিংঘম এগেইন'ত অভিনেতা অজয় দেৱগনে আকৌ এবাৰ পৰ্দাত তেওঁৰ বিখ্যাত বাজিৰাও সিংহমৰ চৰিত্ৰ ৰূপায়ন কৰিব। ২০১১ চনত মুক্তি লাভ কৰিছিল ৰোহিত ছেট্টীৰ অন্যতম সফল ছবি 'সিংঘম'য়ে।সিংঘমত অজয় দেৱগনে ‘বাজিৰাও সিংহম’ৰ চৰিত্ৰত অভিনয় কৰি দেশবাসীৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

ইফালে, দীপিকা পাডুকনৰ পূৰ্বে তেওঁৰ স্বামী ৰণবীৰ সিঙো ৰোহিত চেট্টীৰ আৰক্ষী বাহিনীৰ অংশ হৈ 'ছিম্বা'ত মূখ্য চৰিত্ৰত অভিনয় কৰিছিল।উল্লেখ্য, মুক্তিৰ অপেক্ষাত থকা ৰোহিত ছেট্টীৰ কমেডী ছবি ‘চাৰ্কাছ’ত দীপিকা পাডুকনক এক ব্যতিক্ৰমী ৰূপত দৰ্শকে দেখিবলৈ পাব।আনহাতে, আগন্তুক বৰ্ষত মুক্তি পাব দীপিকা অভিনীত ছবি ‘পাঠান’, ‘জৱান’ আৰু ‘প্ৰজেক্ট কে’।