বিনোদন

আনৰ সংসাৰ ভঙা প্ৰিয়ংকা চোপ্ৰাক তুলা ধুনা প্ৰীতি জিন্টাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: পৰকীয়া প্ৰেম, বিবাহ, প্ৰকৃত প্ৰেম, বিচ্ছেদ, বিবাদ আদি বিষয়ক কেন্দ্ৰ কৰি প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউড। ইখনৰ পিছত সিখন ছুপাৰহিট ছবি উপহাৰ দি দৰ্শকৰ আপোন হৈ পৰাৰ পাছতো কোনো কোনো সময়ত তেওঁলোকৰ অদ্ভুট কৰ্ম-কাণ্ডৰ বাবে দৰ্শকৰ তীব্ৰ সমালোচনোৰ সন্মুখীন হ’বলগীয়া হয় এই তাৰকাসকল।শেহতীয়াকৈ বলীউডত চৰ্চাৰ শীৰ্ষত থকা এনে এক বিষয়ে অনুৰাগীৰ চকু কপালত তুলিছে। হয়, বলীউডৰ ‘কিং খান’ শ্বাহৰুখ খান আৰু ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰাৰ প্ৰেম কাহিনী পোহৰলৈ অহাৰ পাছত এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই দুই বলীউডী তাৰকাৰ প্ৰেমৰ বিষয়টো ৰাজহুৱা কৰিলে ‘বি টাউন’ৰ আন এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিন্টাই।অভিনেত্ৰীগৰাকীৰ মতে ‘শ্বাহৰুখ খানে প্ৰিয়ংকাৰ প্ৰেমত পৰি নিজৰ সুখৰ সংসাৰ ভাঙিবলৈও সাজু হৈছিল।শ্বাহৰুখ-প্ৰিয়ংকাৰ অন্তৰংগতা ছুপাৰহিট ছবি 'ডন ২'ৰ দৃশ্যগ্ৰহণৰ সময়ৰ পৰা বৃদ্ধি পাইছিল।এই প্ৰেম ইমানেই বাঢ়িছিল যে, শ্বাহৰুখৰ পত্নী গৌৰী খানে অভিনেতাজনক প্ৰিয়ংকাৰ সৈতে কাম কৰাটো নিষেধ কৰিছিল।তাৰ পাছৰে পৰাই বৰ্তমানলৈ এই যুটিটোক কেতিয়াও পৰ্দাত একেলগে দৰ্শকে দেখিবলৈ পোৱা নাই।

এই সন্দৰ্ভত প্ৰীতি জিন্টাই উল্লেখ কৰা মতে, ‘যিসকল মহিলাই আনৰ সংসাৰ ভাঙিবলৈ বিচাৰে তেওঁলোকৰ বিষয়ে মই কথা পাতিবলৈকে বেয়া পাওঁ। মই সেইসকল অভিনেত্ৰীক ঘৃণা কৰো, যিয়ে কেৰিয়াৰত সফল হ’বলৈ পুৰুষ তাৰকাসকলক ব্যৱহাৰ কৰে।এইসকল অভিনেত্ৰী অনুৰাগীৰ মৰম পোৱাৰ বাবে একেবাৰে উপযুক্ত নহয়। মোৰো বহু অভিনেতাৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল বা এতিয়াও আছে।কিন্তু মই কোনোদিনাই তেওঁলোকৰ ঘৰ ভাঙিবলৈ সুযোগ লোৱা নাই। ইয়াৰ পৰিৱৰ্তে মই অভিনেতাসকলৰ পত্নীৰ সৈতে বন্ধুত্বৰ সম্পৰ্কহে বজাই ৰাখো।’প্ৰীতিৰ লগতে বলীউডৰ আন বহু অভিনেতা-অভিনেত্ৰীয়ে এই দুই তাৰকাৰ প্ৰেমৰ সম্পৰ্কত অসন্তুষ্টি প্ৰকাশ কৰি দুয়োকে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে।

উল্লেখ্য যে,  ‘পৰদেশী বাবু’ নিক জোনাছৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা প্ৰিয়ংকা চোপ্ৰা এতিয়া এটি কন্যা সন্তানৰ মাতৃ।আনহাতে, ১৯৯১ চনতে গৌৰি খানৰ লগত বিবাহ পাশত আবদ্ধ হোৱা ৫৭ বছৰীয়া শ্বাহৰুখ খান তিনিটা সন্তানৰ পিতৃ।