বিনোদন

Sara-Aditya to Star In Metro In Dino: আদিত্য-ছাৰাৰ ৰোমাঞ্চ : চৌদিশে চৰ্চা

Asomiya Pratidin

ডিজিটেল ডেস্ক:‘ৰিয়েল লাইফে’ই হওঁক বা ‘ৰীল লাইফ’তে হওঁক, বলীউডত নতুনকৈ বান্ধ খোৱা বিশেষ যুটীবোৰ সদায়েই চৰ্চাত থাকে।শেহতীয়াকৈ চৰ্চালৈ অহা এনে এটা যুটি হৈছে সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু ছাৰা আলী খান।দুয়োয়ে একেলগে অভিনয় কৰিবলগীয়া পৰৱৰ্তী ছবিখনৰ নাম ঘোষণাৰ পাছতেই এতিয়া বিষয়টোয়ে চৌদিশে চৰ্চা লাভ কৰিছে।

‘টি ছিৰিজ’ৰ প্ৰযোজনাত অনুৰাগ বাসুয়ে পৰিচালনা কৰা 'মেট্ৰ' ইন ডিনো'ত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে আদিত্য ৰয় কাপুৰ আৰু ছাৰা আলী খান।এই ছবিখনত আদিত্য আৰু ছাৰাক পোন প্ৰথমবাৰৰ বাবে দৰ্শকে একেলগে দেখিবলৈ পাব।

'মেট্ৰ’ ইন ডিনো’ত আদিত্য আৰু ছাৰাৰ লগতে আন কেইটামান মূখ্য চৰিত্ৰত অভিনয় কৰিব অনুপম খেৰ, নীনা গুপ্তা, পংকজ ত্ৰিপাঠী, কঙ্কনা সেন শৰ্মা, আলী ফজল আৰু ফাতিমা ছানা শ্বেখে।।সমাজৰ সঁচা কাহিনীৰ আধাৰত নিৰ্মাণ হ’বলগীয়া ‘মেট্ৰ’ ইন ডিনো'ৰ সংগীত পৰিচালনা কৰিব জনপ্ৰিয় সংগীত পৰিচালক প্ৰীতমে।

ছবিখনৰ কথা ছ’ছিয়েল মেডিয়াত উল্লেখ কৰি অনুৰাগ বসুৱে কয়, ‘এই ছবিখনৰ কামত মই বহুদিন ধৰি ব্যস্ত হৈ আছিলো।অৱশেষত এই বিষয়ে ৰাজহুৱা ঘোষণা কৰি মই খুব সুখী অনুভৱ কৰিছো।আটাইকেইজন অভিনেতা-অভিনেত্ৰীৰ কামক লৈও মই অত্যন্ত আশাবাদী।ছবি এখন সফল হোৱাত সংগীতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।সেয়ে ছবিখনৰ সংগীতৰ দায়িত্ব মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰীতমৰ হাতত অৰ্পন কৰিছো।’

‘টি চিৰিজ’ৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক প্ৰযোজক ভূষণ কুমাৰেও ছবিখনৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।তেওঁ কয়, ‘অনুৰাগ বাসুৰ সৈতে কাম কৰাটো সদায়েই এক আমোদজনক কাম।ছবিখনৰ কাহিনী অত্যন্ত হৃদয়স্পৰ্শী।ছবিখনত দৰ্শকে নতুনত্ব পাব আৰু আদৰি ল’ব বুলি মই আশাবাদী।’উল্লেখ্য, ‘মেট্ৰ’ ইন ডিনো’ৰ পাছতে অনুৰাগ বাসুয়ে বলীউডৰ অন্যতম সফল ছবি ‘আশিকী’ৰ ছিকুৱেল 'আশিকী ৩' পৰিচালনা কৰিব।এইবাৰ অৱশ্যে ছবিখনৰ মূখ্য চৰিত্ৰত দৰ্শকে দেখা নাপাব আদিত্য ৰয় কাপুৰক।বহু চৰ্চিত এই ছবিখনত কাৰ্তিক আৰ্য়নে মুখ্য চৰিত্ৰত অভিনয় কৰিব।