ৰণবীৰে ৰাজহুৱা কৰিলে কন্যা প্ৰেমৰ চিন, আচৰিত অনুৰাগী

মুক্তিৰ অপেক্ষাত থকা ছবি 'এনিমেল'ৰ বাবে সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে বলীউডৰ ব্যতিক্ৰমী অভিনেতা ৰণবীৰ কাপুৰ। পিছে শেহতীয়াকৈ আন এক বিষয়ৰ বাবেও অনুৰাগীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেতাজন।হয়, 'এনিমেল'ৰ প্ৰচাৰৰ সময়ত ৰণবীৰে ৰাজহুৱা কৰিছে তেওঁৰ ব্যক্তিগত জীৱনৰ এক গোপন বিষয়।

author-image
Asomiya Pratidin
New Update
ৰণবীৰে ৰাজহুৱা কৰিলে কন্যা প্ৰেমৰ চিন, আচৰিত অনুৰাগী

ডিজিটেল ডেস্ক: মুক্তিৰ অপেক্ষাত থকা ছবি 'এনিমেল'ৰ বাবে সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে বলীউডৰ ব্যতিক্ৰমী অভিনেতা ৰণবীৰ কাপুৰ। পিছে শেহতীয়াকৈ আন এক বিষয়ৰ বাবেও অনুৰাগীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেতাজন।হয়, 'এনিমেল'ৰ প্ৰচাৰৰ সময়ত ৰণবীৰে ৰাজহুৱা কৰিছে তেওঁৰ ব্যক্তিগত জীৱনৰ এক গোপন বিষয়।

Advertisment

হয়, 'এনিমেল'ৰ প্ৰচাৰ এতিয়া চৌদিশে খুব ধুম ধামৰে চলিছে।এই প্ৰচাৰ অনুষ্ঠানতে ৰণবীৰে তেওঁৰ এটা বিশেষ টাটুৰ কথা মুকলিকৈ প্ৰকাশ কৰে। প্ৰকৃততে, এই টাটুটো ৰণবীৰে তেওঁৰ কন্যা ৰাহাৰ নামত বনাইছে। টাটুটো তেওঁৰ ডিঙিত আছে।অনুষ্ঠানটোত এই টাটুটোৰ বিষয়ে প্ৰকাশ কৰা ৰণবীৰৰ এই বিশেষ ভিডিঅ' ক্লিপটো ক্ষন্তেকতে ভাইৰেল হৈ পৰে।অনুৰাগীসকলে ৰণবীৰৰ কন্যাপ্ৰেমক একেমুখে শলাগো লৈছে।উল্লেখ্য যে, বিগত বৰ্ষৰ ২৪ এপ্ৰিলত বলীউডৰ অন্যতম প্ৰতিষ্ঠিত অভিনেত্ৰী আলিয়া ভাটৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ৰণবীৰ কাপুৰ আৰু একে বছৰৰে ৬ নৱেম্বৰত তেওঁলোকৰ কন্যা সন্তান ৰাহাৰ জন্ম হৈছিল।

আনহাতে, মুক্তিৰ পূৰ্বেই চৰ্চাৰ শীৰ্ষত থকা ‘এলিমেল’ত ৰণবীৰ কাপুৰৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে অনিল কাপুৰ, ববী দেউল আৰু ৰশ্মিকা মন্দান্নায়ে।ছবিখনৰ ট্ৰেইলাৰটোত ববী দেউলকো খুব আকৰ্ষণীয় ৰূপত দেখা পোৱা গৈছে।ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পিছত স্বাভাৱিকভাৱেই অনুৰাগীসকলে ছ’চিয়েল মেডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।বহু অনুৰাগীয়ে ছবিখনক ইতিমধ্যেই ছুপাৰহিট ঘোষণা কৰাৰ বিপৰীতে আন একাংশই ৰণবীৰ-মন্দান্নাৰ যুটিক প্ৰথমবাৰৰ বাবে বিগ স্ক্ৰীণত চাবলৈ তথা ববী দেউলৰ নতুক ৰূপক লৈ যথেষ্ট উৎসুক হৈ পৰিছে।

‘এনিমেল’ত ৰণবীৰৰ পিতৃৰ ভূমিকাত অভিনয় কৰিছে অনিল কাপুৰে। ১০০ কোটি টকাৰ বাজেটৰ এই ছবিখনৰ কাহিনী আৰু পৰিচালনা সন্দীপ ৰেড্ডী ভাংগাৰ।পিতৃ-পুত্ৰৰ সম্পৰ্কত আহি পৰা কেতবোৰ বিভেদক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনে ১ ডিচেম্বৰত মুক্তি লাভ কৰিব।

Also Read: এতিয়াৰে পৰা কন্যা ৰাহা, মাতৃ-পত্নীৰ যত্নত ব্যস্ত হ’ব ৰণবীৰ