বিনোদন

পাঠানঃ মুক্তিৰ প্ৰথম দিনটোত কিমান কোটি টকা কৰিলে উপাৰ্জন ?

Asomiya Pratidin

ডিজিটেল ডেস্ক: ২৫ জানুৱাৰীত মুক্তি লাভ কৰে বহু অপেক্ষিত ছবি 'পাঠান'। ছবিখন মুক্তিৰ পূৰ্বেই ইতিমধ্যে অভিলেখৰ সৃষ্টি কৰিছিল। প্ৰথম দিনাও দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখা যায়।

শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ দ্বাৰা অভিনীত পাঠানে এক উৎকৃষ্ট সঁহাৰি লাভ কৰিছে। মানুহে পুৱাৰে পৰা ছবিগৃহত ভিৰ কৰা পৰিলক্ষিত হয়।

সূত্ৰ অনুসৰি ছবি মুক্তিৰ প্ৰথন দিনটোত প্ৰায় ৪৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ছবি খন মুক্তিৰ পূৰ্বে এডভান্স বুকিঙৰ জৰিয়তে প্ৰায় ১৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।

অৱশ্যে ছবিখনে প্ৰথম দিনটোত বক্স অফিচত কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় তাৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। উল্লেখ্য যে, দৰ্শকৰ দাবীৰ বাবে নিশাও আজি হলত চলিব পাঠান।

আৰু পঢ়ক: দৰ্শকৰ দাবী! মাজ নিশাও চলিব 'পাঠান'ৰ শ্ব'