বিনোদন

সঞ্জয় দত্ত, আৰ্ছাদ ৱাৰ্ছীৰ পৰৱৰ্তী ছবিৰ ‘ফাৰ্ষ্ট লুক’ ভাইৰেল

Asomiya Pratidin

 ডিজিটেল ডেস্ক: ‘মুন্না ভাই’ৰ অনুৰাগীসকলৰ বাবে সুখবৰ।দেশবাসীৰ মাজত অতি জনপ্ৰিয় ‘মুন্না ভাই’ আৰু ‘চাৰ্কিট’ৰ যুটিক দৰ্শকে ‘বিগস্ক্ৰীণ’ত পুনৰ একেলগে দেখিবলৈ পাব।ছ’ছিয়েল মেডিয়াযোগে এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলৰ মাজত স্বাভাৱিকভাৱেই এতিয়া যথেষ্ট উৎসুকতা দেখিবলৈ পোৱা গৈছে।হয়, ‘মুন্নাভাই’ সঞ্জয় দত্ত আৰু ‘চাৰ্কিট’ আৰ্ছাদ ৱাৰ্ছীয়ে তেওঁলোকৰ ছ’ছিয়েল মেডিয়া একাউন্টত এই নতুন ছবিখনৰ ‘ফাৰ্ষ্ট লুক’ ৰাজহুৱা কৰিছে।

‘মুন্না ভাই এমবিবিএছ’ৰ পাছত দুয়োজন অভিনেতাক দৰ্শকে ১৭ বছৰৰ পাছত পুনৰ একেলগে দেখা পাব। ছবিখনৰ ‘ফাৰ্ষ্ট লুক’ প’ষ্টাৰত দুয়োজন অভিনেতাক জেইল ইউনিফৰ্ম পিন্ধি কাৰাগাৰৰ ভিতৰত থিয় হৈ থকা দেখা গৈছে।এই প’ষ্টাৰখনে ‘মুন্না ভাই’ত দুইজনৰ অভিনেতাৰ বন্ধুত্বৰ বন্ধনৰ কথা অনুৰাগীক মনত পেলায় দিছে। ইতিমধ্যেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে সিদ্ধান্ত ছচদেৱ আৰু প্ৰযোজনা কৰিব সঞ্জয় দত্তই।

ইফালে, ছবিখনৰ নাম বৰ্তমানলৈ ৰাজহুৱা হোৱা নাই যদিও দৰ্শকে ছবিখন ‘মুন্না ভাই এম বি বি এছ’ ছিৰিজৰ পৰৱৰ্তী ছবি ‘মুন্নাভাই এম বি বি এছ ৩’ বুলি অনুমান কৰিছে। উল্লেখ্য, ‘মুন্নাভাই এম বি বি এছ’ আৰু ‘লগে ৰ’হ’ মুন্না ভাই’ৰ পাছত দুযোজন অভিনেতাৰ অভিনয়ৰ যাদু উপভোগ কৰিবলৈ অনুৰাগীসকল নিশ্চিতভাৱে অপেক্ষাৰত।

উল্লেখ্য, সঞ্জয় দত্তক অতি শীঘ্ৰে দৰ্শকে ভৌতিকধৰ্মী কমেডী ছবি ‘দ্য ভাৰজিন ট্ৰী’ত দেখিবলৈ পাব। এই ছবিখনত সঞ্জয় দত্তৰ লগতে মূল চৰিত্ৰত অভিনয় কৰিছে ছানী সিং, মৌনি ৰয় আৰু পলক তিৱাৰীয়ে। আনহাতে আৰ্ছাদ ৱাৰ্ছীক শেহতীয়াকৈ ‘অটিটি প্লেটফৰ্ম’ এমাজন প্ৰাইম ভিডিঅ’ত সম্প্ৰচাৰিত ‘মডাৰ্ণ লাভ মুম্বাই’ত দৰ্শকে দেখিবলৈ পাইছে।