বিনোদন

শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী

Asomiya Pratidin

ডিজিটেল ডেস্ক: বিগত দিনকেইটা আম্বানী পৰিয়ালৰ বাবে অতি বিশেষ আছিল। নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত দেশ তথা বিশ্বৰ বহু নামী-দামী তাৰকাই অংশ গ্ৰহণ কৰে।অতিথিসকলক আম্বানী পৰিয়ালে বৰ আন্তৰিকতাৰে আদৰণি জনায়।এই সকলোবোৰৰ মাজতে মুকেশ আম্বানীয়ে এক বিশেষ কাৰণত দেশবাসীৰ মাজত চৰ্চা লাভ কৰিছে।

দৰাচলতে, মুকেশ আম্বানী আৰু নীতা আম্বানীৰ ঘৰত পুনৰ আগমণ ঘটিব নতুন আলহীৰ।হয়, মুকেশ আম্বানীৰ জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানীৰ পত্নী শ্লোকা মেহতা দ্বিতীয়বাৰৰ বাবে মাতৃ হ'বলৈ ওলাইছে।ককাদেউতা হোৱাৰ আনন্দ কি, সেয়া ইতিমধ্যেই মুকেশ আম্বানীৰ মুখত অতি স্পষ্টকৈ প্ৰকাশ পাইছে।শেহতীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানটোত আম্বানীক তেওঁৰ বোৱাৰীৰ প্ৰতি বিশেষ মনোযোগ দিয়া দেখা গৈছিল।

ছ'চিয়েল মিডিয়াত বহুতো ছবি আৰু ভিডিঅ' পোহৰলৈ আহিছে, য'ত মুকেশ আম্বানীক বোৱাৰী শ্লোকা আৰু পুত্ৰ আকাশৰ সৈতে ফটো তোলা দেখা গৈছে। এই ফটো-ভিডিঅ’তে তেওঁক শ্লোকাক হাতত ধৰি সুৰক্ষা দিয়া দেখা গৈছে।ইয়াকে দেখি দেশবাসীয়ে একেমুখে প্ৰশংসা কৰিছে মুকেশ আম্বানীক।ছ’ছিয়েল মেডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশই বোৱাৰীক ইমান যত্ন লোৱা শহুৰ সকলোৰে বাবে আদৰ্শ তথা আম্বানী পৰিয়ালে তেওঁলোকৰ বোৱাৰীসকলক কিমান ভাল পায়, সেয়া স্পষ্টকৈ প্ৰতিফলিত হৈছে বুলি মত প্ৰকাশ কৰিছে।আনহাতে, ছ’ছিয়েল মেডিয়া ব্যৱহাৰকাৰী এজনে লিখিছে- ‘আটাইতকৈ মৰমৰ শহুৰেক’। আন এজনে লিখিছে- ‘তেওঁৰ হৃদয় বিশুদ্ধ সোণৰ দৰে, ঈশ্বৰে আপোনাৰ গোটেই পৰিয়ালটোক আশীৰ্বাদ কৰক।’