বিনোদন

প্ৰেম ! পত্নীয়ে কপালত অংকিত কৰিলে স্বামীৰ নাম

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে হেনো মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। তেনে এক ঘটনাই সামাজিক মাধ্যমত ব্যপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

নিজৰ প্ৰেমক সঁচা ৰূপ দিবলৈ গৈ কপালত অংকিত কৰিলে স্বামীৰ নাম। এই ঘটনা বাংগালুৰুৰ। বাংগালুৰৰ এগৰাকী পত্নীয়ে তেওঁৰ স্বামীৰ নামত কপালত আকি লয় টাটু।

ইতিমধ্যে নৱ বিবাহিতা পত্নীগৰাকীৰ এনে কাণ্ডৰ এটি ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰিছে আৰু উক্ত ভিডিঅ'টিয়ে বেচ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমত পত্নীগৰাকীয়ে উল্লেখ কৰে যে তেওঁৰ স্বামী সতীশৰ নাম কপালত অংকিত কৰি তেওঁ সুখী।