বিনোদন

'কে বি চি'ত আৰু দেখিবলৈ পোৱা নাযাব 'বিগ বি'ক

Asomiya Pratidin

ডিজিটেল ডেস্ক: টেলিভিছনৰ আটাইতকৈ জনপ্ৰিয় কুইজ শ্ব’ ‘কৌন বনেগা কৰৌৰপতি’ এৰিলে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে। দৰ্শকে আৰু টি ভি স্ক্ৰীণত দেখিবলৈ নাপাব ‘কৌন বনেগা কৰৌৰপতি’ অৰ্থাৎ ‘কে বি চি’ৰ অন্যতম পৰিচয় ‘বিগ বি’ক।হয়, অমিতাভ বচ্চনে ‘কে বি চি- ১৪’ৰ শ্বুটিং সামৰণি মাৰিলে।

এই বিষয়ে নিজেই ছ’ছিয়েল মেডিয়া যোগে ৰাজহুৱা কৰিছে অভিনেতাজনে।এই সন্দৰ্ভত অনুৰাগীক উদ্দ্যেশি তেওঁ লগতে কয় ‘আমি অতি শীঘ্ৰেই পুনৰ লগ পাম।আজি এই বিশেষ শ্ব’টোৰ শ্বুটিঙৰ অন্তিম দিন।এই মূহুৰ্তত মোৰ বহুত কথায়েই মনত পৰিছে।আপোনালোকে মোক যি দিছে, তাৰ বাবে মই চিৰকৃতজ্ঞ।পুনৰ লগ নোপোৱালৈকে সকলো ভালে থাকক’। ইয়াৰ লগতে বিগ বিয়ে তেওঁৰ শ্বুটিঙৰ অন্তিম দিনৰ বহু ফটো অনুৰাগীৰ মাজত ‘শ্বেয়াৰ’ কৰিছে।শ্বুটিঙৰ অন্তিম দিনটোত তেওঁৰ ছুপাৰহিট ছবি ‘দিৱানা’ৰ এক বিশেষ মূহূৰ্তও দৰ্শকৰ আগত আলোকপাত কৰে।

অভিনেতাজনে বিগত কেইদিনমানৰ পৰা ‘কে বি চি’ৰ শেহতীয়া ছিজনৰ সমাপ্তিৰ বিষয়ে একেলেথাৰিৰে লেখি আছে। তেওঁ এই সপ্তাহৰ আৰম্ভণিতে লেখিছিল, ‘এক খাতম হোনে কো হে, দুচৰা আৰাম হোনে কো হে। জীৱন অৰ্ধ অৰ পূৰ্ম বিৰাম কা হি তো খেলা হে’।

উল্লেখ্য, বৃহস্পতিবাৰে অমিতাভ বচ্চনে ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২২’ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত অমিতাভে চেঞ্চৰশ্বিপ আৰু অভিব্যক্তিৰ বিষয়ে উল্লেখ কৰে।এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত  অমিতাভ বচ্চনৰ লগতে শ্বাহৰুখ খান, জয়া বচ্চন আৰু ৰাণী মুখাৰ্জীও উপস্থিত থাকে।

শেহতীয়াকৈ সূৰজ বৰজাতিয়াৰ ‘উনচাই’ত দেখিবলৈ পোৱা বলীউডৰ এই মেগাষ্টাৰজনক আগন্তুক বৰ্ষত দুখনকৈ ছবিত দৰ্শকে দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে।এই দুয়োখন ছবিতে ‘বিগ বি’ৰ লগত দেখা পোৱা যাব বলীউডৰ ‘ডিম্পল গাৰ্ল’ দীপিকা পাডুকনক। ইয়াৰে এখন ছবি হৈছে নাগ অশ্বিনৰ ছবি ‘কে’, য'ত প্ৰভাসেও অন্যতম মূখ্য চৰিত্ৰত অভিনয় কৰিছে।ইফালে, আনখন হৈছে ‘দ্য ইণ্টাৰ্ন’ৰ হিন্দী ৰিমেক।