বিনোদন

চৰ্চাত শ্বাহৰুখ খানৰ নতুন ছবি ডংকীঃ আপুনি জানেনে প্ৰথম দিনাৰ উপাৰ্জনৰ পৰিমাণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম শ্বাহৰুখ খান। বলিউডৰ 'বাদশ্বাহ' বুলি ক'লে সকলোৱে শ্বাহৰুখ খানৰ কথা জানে। শ্বাহৰুখ খানৰ অভিনয়শৈলীক দৰ্শকে যথেষ্ঠ পছন্দ কৰে।

শ্বাহৰুখ খানৰ এইবছৰৰ জনপ্ৰিয় ছবি 'পাঠান', 'জাৱান'ৰ জনপ্ৰিয়তাৰ পিছত ২১ডিচেম্ৱৰত মুক্তি লাভ কৰিলে 'ডংকী'।

মুক্তিৰ পিছতে ছবিখন চাবলৈ ছবিগৃহত ভিৰ কৰিছে অনুৰাগীসকলে। এইবছৰৰ শ্বাহৰুখ খানৰ ছবি জৱানে প্ৰায় ৭৫কোটি টকা আৰু পাঠানে ৫৭কোটি টকা প্ৰথম দিনটোত উপাৰ্জন কৰিছিল।

কিন্তু পূৰ্বৰ ছবিকেইখনৰ তুলনাত 'ডংকী'ৰ উপাৰ্জন তুলনামুলকভাবে কম যদিও, দৰ্শকে যথেষ্ঠ মৰম দিব বুলি এতিয়াও যথেষ্ঠ আশাবাদী শ্বাহৰুখ খান। তথ্য অনুসৰি 'ডংকী'ৰ প্ৰথম দিনটোৰ উপাৰ্জন ৩০কোটি টকা। বক্স অফিছত এই ছবিখনে কিমান টকা উপাৰ্জন হয় সেয়া সময়ত লক্ষণীয় হ'ব।