আজি ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি লাভ কৰিব অসমীয়া ছবি 'অনুৰ'...
আজি ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি লাভ কৰিব অসমীয়া ছবি 'অনুৰ'... 
বিনোদন

আজি ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি লাভ কৰিব অসমীয়া ছবি 'অনুৰ'...

Asomiya Pratidin

ডিজিটেল ডেস্ক: শুকুৰবাৰে মুক্তি পাব অসমীয়া ছবি 'অনুৰ'। আজি ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি লাভ কৰিব অসমীয়া চিনেমা অনুৰে।

অনুাৰাধা শৰ্মা পূজাৰীৰ এটা গল্পৰ আধাৰত নিৰ্মিত এই ছবিখনক লৈ আশংকাৰ সৃষ্টি হৈছিল। শ্বাহৰুখ খান অভিনীত ছবি 'পাঠান'ৰ সৈতে প্ৰায় একেলগে ছবিখন মুক্তি দিয়াক লৈ সৃষ্টি হৈছিল সমস্যা।

২০২২ ৰ মে'তেই এই ছবিখনৰ মুক্তিৰ কথা পৰিচালক মঞ্জুল বৰুৱাই সদৰি কৰিছিল। কিন্তু এক শক্তিশালী লবীয়ে শেষ পৰ্যন্ত ছবিখনৰ মুক্তিৰ বাবে চিনেমা হল নিদিয়াক লৈ তীৰ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

'অসমীয়া প্ৰতিদিন ডিজিটেলে'ও এই সন্দৰ্ভত বিস্তৃত বৰ্ণনাৰে এক বিশেষ লেখা প্ৰকাশ কৰিছিল। য'ত ৰাজ্যিক চলচ্চিত্ৰ নীতিৰ ২৭ নম্বৰ ধাৰাত আঞ্চলিক ভাষাৰ ছবি এটা প্ৰাইম শ্লটত মুক্তি দিবলৈ বাধ্য বুলি উল্লেখ কৰা হৈছিল।

কলাত্মক ছবি নিৰ্মাণৰ বাবে পৰিচিত মঞ্জুল বৰুৱাৰ এইখন তৃতীয় ছবি। এই ছবিখনে ইতিমধ্যে কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো অংশ লৈ সুনাম কঢ়িয়াই আনিছে। পৰিচালক গৰাকীয়ে সকলোকে অনুৰ উপভোগ কৰিবলৈ আহ্বান জনাইছে।

আৰু পঢ়ক: শীত! আগন্তুক কেইটামান দিন বৰষুণ হোৱাৰ সম্ভাৱণা...