/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1c55375f-7ef4-4f02-85c9-531cd54ed515/AP_FOR___ANUPAM_KHER.jpg)
ডিজিটেল ডেস্ক: ইমান বয়স হোৱাৰ পাছতো বলীউডত আজিও সমানেই সক্ৰিয় তথা জনপ্ৰিয় হৈ আছে অভিনেতা অনুপম খেৰ।কেৱল অভিনয়েই নহয়, ‘ফিটনেছ’ৰ বাবেও তেওঁ অনুৰাগীৰ মাজত যথেষ্ট চৰ্চিত।পিছে আজি আমি অনুপম খেৰৰ ব্যক্তিগত জীৱনৰ এক ক’লা অধ্যায়ৰ বিষয়েহে আপোনাক জনাবলৈ ওলাইছো। আমি বহুতেই অনুপম খেৰৰ পত্নী কিৰণ খেৰ বুলি জানো।কিন্তু কিৰণ খেৰ অভিনেতাজনৰ দ্বিতীয় পত্নীহে।হয়, কিৰণ খেৰৰ আগতে আন এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল অনুপম খেৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ddfeda4b-e333-4de6-8ba8-a06cac00c04b/anupam2.jpg)
অনুপম খেৰৰ প্ৰথম পত্নীৰ নাম মধুমালতী, তেওঁ এগৰাকী অভিনেত্ৰী। ১৯৭৯ চনত তেওঁৰ অনুপম খেৰৰ সৈতে বিবাহৰ দিন ধাৰ্য্য কৰা হৈছিল। কিন্তু অভিনেতাজন এই বিবাহত সুখী নাছিল আৰু কেইমাহমান পিছতে তেওঁ মধুমালতীৰ লগত সম্পৰ্ক ছেদ কৰিছিল। অনুপম খেৰে কলেজত তেওঁৰ প্ৰথম পত্নীক লগ পাইছিল।এক সাক্ষাৎকাৰত অভিনেতাজনে নিজেই স্বীকাৰ কৰিছিল যে পত্নী নহয়, তেওঁহে এই বিয়াখনত সুখী নাছিল। যাৰ বাবে তেওঁ মধুমালতীৰ সৈতে সকলো সম্পৰ্ক শেষ কৰি দিছিল।এই ঘটনাৰ পিছত মধুমালতীয়ে লেখক আৰু পৰিচালক ৰঞ্জিত কাপুৰৰ সৈতে বিয়াত বহে যদিও কিছু দিনৰ পিছতে সেই সম্পৰ্কৰো অৱসান ঘটে।মধুমলতীয়ে এতিয়া তেওঁৰ জীৱন অকলশৰে জীয়াই আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/27b48f97-7343-4ed6-8565-0c0d7c78a4a2/anupam3.jpg)
অনুপম খেৰৰ প্ৰথম পত্নী মধুমালতীৰ জন্ম ১৯৫৫ চনৰ ১২ জানুৱাৰীত মুম্বাইত হৈছিল। অনুপম আৰু তেওঁৰ প্ৰথম পত্নী একে বয়সৰ। মধুমালতী তেওঁৰ ছবি 'গদাৰ এক প্ৰেম কথা', 'ছনু কে টিটু কি ছুইটি'ৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ বহু পাঞ্জাৱী ছবি আৰু টিভি ধাৰাবাহিকতো অভিনয় কৰি অনুষ্ঠান কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2a9b8e0c-619d-44d2-96fb-79d93d568048/15_47_523975449anu_3.jpg)
মধুমলতীয়ে তেওঁৰ জীৱন অকলে জীয়াই আছে যদিও অনুপম খেৰে তেওঁৰ দ্বিতীয় পত্নী কিৰণ খেৰ আৰু তেওঁৰ পুত্ৰ সিকন্দৰ খেৰৰ সৈতে সুখী জীৱন-যাপন কৰি আছে।এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে, অনুপম খেৰৰ নিজৰ কোনো সন্তান নাই। সিকন্দৰ কিৰণ আৰু তেওঁৰ প্ৰথম স্বামী গৌতম বেৰীৰ পুত্ৰ, কিন্তু সিকন্দৰ আৰু অনুপম খেৰৰ মাজত এক ভাল সম্পৰ্ক আছে।