৩ মিনিটতে ১৮৪ খন ছেলফি
৩ মিনিটতে ১৮৪ খন ছেলফি 
বিনোদন

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ল অভিনেতা অক্ষয় কুমাৰৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ল অভিনেতা অক্ষয় কুমাৰৰ। অভিনেতাগৰাকীয়ে অনুৰাগীৰে ছেলফি তুলি এই অভিলেখ গঢ়িলে।

অনুৰাগীৰ সৈতে মাত্ৰ ৩ মিনিটতে ১৮৪ খন ছেলফি উঠে অভিনেতা অক্ষয় কুমাৰে। উল্লেখ্য যে বুধবাৰে অক্ষয় কুমাৰসহ আন আন কলা-কুশলীসকল মুক্তি পাবলগীয়া 'ছেলফী' শীৰ্ষক ছবিখনৰ প্ৰচাৰৰ বাবে এক অনুষ্ঠানত ভাগ লৈছিল।

উক্ত অনুষ্ঠানতে অনুৰাগীসকলৰ লগত মাত্ৰ ৩ মিনিটতে ১৮৪খন ছেলফি উঠি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। এই কৃতিত্বৰ বাবে অভিনেতাগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।