বিনোদন

কৰণ জোহৰৰ পাৰ্টীত পুনৰ একেলগে দেখা গ’ল অনন্যা-আদিত্যক 

asomiyapratidin

ডিজিটেল ডেস্ক: প্ৰেম জাতীয় খবৰৰ বাবে সদায় চৰ্চাত থাকে বলীউড।বলীউডী তাৰকাৰ প্ৰেম-বিবাহ তথা বিচ্ছেদৰ খবৰে অনুৰাগীক সদায় চিন্তিত কৰি তোলে।শেহতীয়াকৈ এটি বলীউডী যুটিৰ প্ৰেম কাহিনীয়ে দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে। হয়, অভিনেতা আদিত্য ৰয় কাপুৰ আৰু অনন্যা পাণ্ডেৰ প্ৰেম কাহিনীয়ে অনুৰাগীসকলক বিশেষভাৱে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। 

প্ৰকৃততে, আজিকালি প্ৰায়ে একেলগে দেখা পোৱা যায় অনন্যা আৰু আদিত্যক।শেহতীয়াকৈ কৰণ জোহৰৰ ঘৰত আয়োজিত এক পাৰ্টীত একেলগে দেখা গ’ল এই দুই তাৰকাক।দুয়েজনে এই সম্পৰ্কৰ বিষয়ে ৰাজহুৱাকৈ স্পষ্ট কৰা নাই যদিও তেওঁলোকৰ ঘনিষ্ঠতালৈ চাই সেয়া প্ৰেম বুলিয়েই নিশ্চিত হৈছে অনুৰাগীসকল।

উল্লেখ্য, জনপ্ৰিয় শ্ব’ ‘কফি উইথ কৰণ ছিজন-৭’ত, কৰণে অনন্যাক তেওঁ আৰু আদিত্যৰ মাজত কি চলি আছে সেই বিষয়ে সুধিছিল।তেতিয়া অনন্যা কিছু সময়ৰ বাবে নিৰ্বাক হৈ পৰিছিল। পাছত অনন্যাই আদিত্যক তেওঁৰ প্ৰিয় অভিনেতা বুলি জনোৱাৰ লগতে তেওঁলোকৰ মাজত বন্ধুত্বৰ বাহিৰে আন একো সম্পৰ্ক নাই বুলি স্পষ্ট কৰিছিল।

ইফালে, আদিত্যই এই সন্দৰ্ভত স্পষ্ট কৰা নাই যদিও সদায়েই অনন্যাৰ যত্ন লয়, সেয়া অৱশ্যে বহুবাৰ ৰাজহুৱাকৈও হৈছে। যাৰ বাবে আদিত্য এই সম্পৰ্কক লৈ বেছি ‘ছিৰিয়াছ’ বুলি অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।